টেলিভিছন এংকৰক গুলীয়াই হত্যা…

টেলিভিছন এংকৰক গুলীয়াই হত্যা…

ডিজিটেল ডেস্কঃ পাকিস্তানত যোৱা মঙলবাৰে এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানৰ এজন এংকৰক গুলীয়াই হত্যা কৰা হয়। আৰক্ষীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে কিছু ব্যক্তিগত কাৰনত গুলীয়াই হত্যা কৰা হয় এংকৰ জনক। মুৰীদ আব্বাছ নামৰ টিভি এংকৰ জনক কাৰ্যালয়ৰ পৰা ওলাই অহাৰ সময়তে এখন কফি দোকানৰ সন্মুখত গুলিয়াই হত্যা কৰা হয়।

ইতিমধ্যে হত্যাকাৰী লোকজনক গ্ৰেপ্তাৰ কৰা হৈছে যদিও তেওৰ পৰিচয় ৰাজহুৱা কৰা নাই। চিকিৎসকে জানিবলৈ দিয়া মতে, টিভি এংকৰ জনৰ বুকু আৰু পেটত লাগিছিল গুলী। যাৰ ফলত চিকিৎসালয়ত আহি পাওতেই তেওৰ মৃত্যু হৈছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in