নিজামুদ্দিনৰ ৰোগীয়ে হস্পাতালত নাৰ্ছক দিছে অশ্লীল ইংগিত, উলংগ হৈ ঘূৰিছে কোঠাত…

নিজামুদ্দিনৰ ৰোগীয়ে হস্পাতালত নাৰ্ছক দিছে অশ্লীল ইংগিত, উলংগ হৈ ঘূৰিছে কোঠাত…

ডিজিটেল ডেস্কঃ নিজামুদ্দিন মাৰ্কাজত অংশ লোৱা যিসকল ব্যক্তিক বৰ্তমান দিল্লীৰ কোৱাৰেন্টাইন চেন্টাৰসমূহত ৰখা হৈছে, সেইসকলে চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ ওপৰত কৰিছে বেয়া ব্যৱহাৰ। শেহতীয়াকৈ নিৰাপত্তাহীনতাত ভুগা চিকিৎসক তথা চিকিৎসা কৰ্মীসকলে প্ৰশাসনৰ পৰা সহায় বিচাৰি আবেদনো কৰিছিল। ইয়াতে ক্ষান্ত নাথাকি ইয়াৰে একাংশ লোকে নাৰ্ছৰ সৈতে কৰিছে অশালীন ব্যৱহাৰ।

শেহতীয়াকৈ নিজামুদ্দিনত মাৰ্কাজত ভাগ লোৱা গাজিয়াবাদৰ এখন হস্পাতালত ভৰ্তি হৈ থকা ৬ গৰাকী কোৰোনাত আক্ৰান্ত ব্যক্তিয়ে কৰ্মত নিয়োজিত নাৰ্ছক অশালীন ইংগিত প্ৰদান কৰাৰ লগতে উলংগভাৱে ঘূৰি ফুৰিছে চিকিৎসালয় কোঠাত। ইয়াৰোপৰি লোককেইজনে স্বাস্থ্যকৰ্মীৰ পৰা চিগাৰেট বিচৰাৰ লগতে অশ্লীল ভাষাৰে গাইছে বিভিন্ন গান।

চিকিৎসালয়খনত কৰ্মৰত স্বাস্থ্যকৰ্মীসকলে প্ৰশাসনক এই কথা অৱগত কৰাৰ লগতে এজাহাৰ ৰুজু কৰিছে ৬ গৰাকী লোকৰ বিৰুদ্ধে। এই ঘটনাৰ পাছতে চিকিৎসালয়খনত নিৰাপত্তা বৃদ্ধি কৰিছে প্ৰশাসনে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in