চিলনীজান-বৰপথাৰ সংযোগী পথত ভয়াবহ দুৰ্ঘটনা…

চিলনীজান-বৰপথাৰ সংযোগী পথত ভয়াবহ দুৰ্ঘটনা…

ডিজিটেল সংবাদ, সৰুপথাৰঃ কাৰ্বি আংলঙৰ চিলনীজানৰ পৰা বৰপথাৰ সংযোগী পথত শনিবাৰে পুৱা এক পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে, পুৱা এখন ১১০৯ মডেলৰ মালবাহী ট্ৰাক এখন মাৰুতি ৮০০ৰ মাজত সংঘটিত সংঘৰ্ষৰ ফলত মালবাহী ট্ৰাকখনৰ মাৰুতিখনৰ ওপৰত বাগৰি পৰে।

এই দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে দুয়োখন বাহনৰ চালকৰ। আনহাতে দুৰ্ঘটনাত মাৰুতিখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় যদিও বাহন খনৰ ভিতৰত থকা যাত্ৰীসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয় স্থানীয় ৰাইজে। পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন উঠাই নিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in