শেহতীয়া খবৰ
ডিফু সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী বীৰেণছিং ইংতিৰ মনোনয়ন দাখিল...  •  তেজপুৰত মনোনয়ন দিবলৈ গ’ল হিমন্ত বিশ্ব! তাৰপাছত কি ক’লে...  •  নাতিসহ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ পুনৰ কংগ্ৰেছত যোগদান...  •  লোকসভা নিৰ্বাচন কোন সমষ্টিৰ পৰা খেলিব মোহময়ী অভিনেত্ৰী উৰ্মিলাই...  •  তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে দাখিল কৰিলে মনোনয়ন  •  প্ৰতিষ্ঠাপক অধ্যক্ষ নৰেশ গোৱেলে এৰিব জেট এয়াৰৱেইজ...  •  মনোনয়ন পত্ৰ দাখিল মঙ্গলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ  •  এক নম্বৰী বিজেপিৰ স্থান নাই বিজেপিতঃ তৰুণ গগৈ  •  মঙলদৈ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাৰ মনোনয়ন দাখিল  •  লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই দাখিল কৰিলে মনোনয়ন

গোৱালপাৰাত মেজিক-বাইকৰ মুখামুখি সংঘৰ্ষ, নিহত বাইক আৰোহী

272

ডিজিটেল সংবাদ, গোৱালপাৰাঃ পশ্চিম গোৱালপাৰাত দেওবাৰে পুৱাই সংঘটিত হৈছে যাত্ৰীবাহী টাটা মেজিক আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ।এই ভয়াৱহ সংঘৰ্ষত থিতাতে নিহত হয় বাইক আৰোহী স্থানীয় যুৱক এজন। ঘটনাক লৈ পশ্চিম গোৱালপাৰাৰ মাৰকুলাত এক উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয়।

জানিব পৰা মতে, দেওবাৰে পুৱা প্ৰায় ৬.৩০ বজাত মাৰকুলাৰ পৰা শিমলাবাৰীলৈ গৈ থকা এ এছ-১৮ চি-৭০৮৫ নম্বৰৰ তীব্ৰ বেগী যাত্ৰীবাহী টাটা মেজিক আৰু বিপৰীত দিশৰ পৰা অহা বাজাজ ডিছকভাৰ বাইক এখনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। ফলত কামাল হুছেইন (২৫) নামৰ বাইক আৰোহী যুৱকজন গুৰুতৰভাৱে আহত হয়। কামালক ততালিকে স্থানীয় মাৰকুলা চিকিৎসালয়লৈ নিয়া হয় যদিও গুৰুতৰভাৱে আহত বাইক আৰোহী যুৱকজনৰ উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যু হয়।

যুৱকজন বল্লাকুঢ়ি বাতাবাৰীৰ আমজাদ আলীৰ কণিষ্ঠ পুত্ৰ বুলি জানিব পৰা গৈছে। ৰাইজে অভিযোগ কৰা মতে, মাৰকুলাকে ধৰি ইয়াৰ সমীপৱৰ্ত্তী অঞ্চলৰ বাবে জৰুৰীকালীন ৰোগীক উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা বা গুৱাহাটীলৈ নিবলৈ চিকিৎসালয়সমূহত নাই কোনো চৰকাৰী এম্বুলেঞ্চ। নিলগৰ খৰমুজাত এখন ১০৮ সেৱাৰ এম্বুলেঞ্চ আছে। কিন্তু এইখনে মাৰকুলাৰ বৃহত্তৰ অঞ্চলৰ ৰাইজক সেৱা আগবঢ়াবলৈ সক্ষম নহয়। এম্বুলেঞ্চখন গৈ পোৱাৰ আগতে দুৰ্ঘটনাগ্ৰস্ত লোক মৃত্যুমুখত পৰে বুলি ৰাইজৰ অভিযোগত প্ৰকাশ।

এই দুৰ্ঘটনা আৰু এম্বুলেঞ্চৰ অভাৱত উপযুক্ত চিকিৎসা নাপাই বাইক আৰোহীজনৰ মৃত্যু হোৱাক লৈ ৰাইজ উত্তেজিত হয়। অৱশ্যে বগুবান আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইপিনে দুৰ্ঘটনা সংঘটিত কৰিয়েই টাটা মেজিকখনৰ চালকজন পলায়ন কৰে। আৰক্ষীয়ে ঘটনা সংক্ৰান্ত গোচৰ ৰুজু কৰি দুৰ্ঘটনাগ্ৰস্ত বাইক আৰু মেজিকখন জিম্মাত লৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি