পথৰ ওপৰত গাড়ী বাগৰি ছজনকৈ লোক আহত…

পথৰ ওপৰত গাড়ী বাগৰি ছজনকৈ লোক আহত…

ডিজিটেল সংবাদ,নগাঁও: দ্ৰুত গতিত গাড়ী চলোৱা আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰনে পথৰ ডিভাইডাৰত ৰিফ্লেকচন চিগনেল লাইট নলগোৱাৰ বাবে এক দূৰ্ঘটনা সংঘটিত হয় নগাঁৱৰ শেনচোৱাত ৷ দুৰ্ঘটনাটোৰ ফলত ছজনকৈ লোক আহত হয় ৷

গুৱাহাটীৰ পৰা যাত্ৰী লৈ নগাঁও হৈ হোজাইলৈ আহি থকা এ এছ ০১ জি চি ৩৮৪১ নম্বৰৰ ট্ৰেভেলাৰ খনে পথৰ মাজত থকা ডিভাইৰডাৰত খুন্দা মাৰি পথৰ ওপৰতে বাগৰি পৰে ৷ গাড়ীখন বাগৰি পৰাৰ পিছত ৰাইজ আৰু আৰক্ষীয়ে দহজন যাত্ৰীৰ ভিতৰত ছজন আহত হোৱাত নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই ৷

উদ্ধাৰ অভিযান চলি থকা সময়তে পিছফালৰ পৰা এ এছ ০২ এ এইছ ১৪৮৪ নম্বৰৰ ছুইফ গাড়ীখনে পৰি থকা ট্ৰেভেলাৰ খনক খুন্দা মাৰে ৷ আৰক্ষীয়ে ছুইফ খনৰ চালক জনক আটক কৰি নগাঁও সদৰ থানালৈ লৈ যায় ৷

দুৰ্ঘটনাটোত আহত ছজন লোকৰ নাম হৈছে ডবকাৰ শঙ্কৰ দাস, হোজাইৰ বিশ্বজিৎ দাস,জুৰীয়াৰ জালাল উদ্দিন,ৰাঙলুৰ আব্দুল হান্নান , ডবকাৰ দিলোৱাৰ হুছেইন,মোৰাঝাৰৰ জমিল হুছেইন ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in