উত্তৰাখণ্ডৰ উত্তৰকাশীত পথ দুৰ্ঘটনা, নিহত ৪, আহত ৬

উত্তৰাখণ্ডৰ উত্তৰকাশীত পথ দুৰ্ঘটনা, নিহত ৪, আহত ৬

ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ উত্তৰকাশীত সোমবাৰে পুৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ জানিব পৰা মতে, পুৱা উত্তৰকাশীৰ জোগাত-চিন্যালিসৌৰ পথত এখন চাৰিচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ খাৱৈত বাগৰি পৰে৷ দুৰ্ঘটনাত পতিত হোৱা বাহনখনত আছিল মুঠ ১০ জন যাত্ৰী৷ ইয়াৰে ৪ জন যাত্ৰী নিহত হোৱাৰ লগতে ৬ জন গুৰুতৰভাৱে আহত হয়৷

ইফালে ঘটনাস্থলীত আৰক্ষী আৰু এছডিআৰএফ বাহিনীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in