প্ৰতীকি ফটো
প্ৰতীকি ফটো

তেজপুৰত শোকৱহ পথ দুৰ্ঘটনা, নিহত ৩জন

  • তেজপুৰত শোকাৱহ পথ দুৰ্ঘটনা।
  • তেজপুৰৰ কলিয়াভোমোৰা দলঙত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা।
  • দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় ৩জনকৈ লোকে।
  • চলন্ত ট্ৰাকত যাত্ৰীবাহী ট্ৰেভেলাৰে খুন্দিওৱাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা।
  • দুৰ্ঘটনাত থিতাতে মৃত্যু হয় এগৰাকী মহিলাৰ।
  • আনহাতে তেজপুৰ মিছন হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লয় আন এগৰাকী মহিলাই।
  • মৃত মহিলাগৰাকীৰ নাম অল্পনা বৰা৷
  • ইতিমধ্যে বহুকেইজন লোকক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে।
  • তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ত ৬ জন লোকক ভৰ্তি কৰা হৈছে।
  • মিছন হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৮ জন লোকক৷
  • দুৰ্ঘটনাক কেন্দ্ৰকৰি কৰি সমগ্র অঞ্চলতে শোকৰ ছাঁ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in