শিৱসাগৰৰ ডিমৌত ভয়ংকৰ দুৰ্ঘটনাত ৪ জন লোকৰ মৃত্যু

শিৱসাগৰৰ ডিমৌত ভয়ংকৰ দুৰ্ঘটনাত ৪ জন লোকৰ মৃত্যু

ডিজিটেল সংবাদ, শিৱসাগৰঃ শনিবাৰে বিয়লি প্ৰায় ৫ বজাত শিৱসাগৰ জিলাৰ ডিমৌত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত এটি ৬ বছৰীয়া কণমাণি, দুগৰাকী মহিলাসহ ৪জন লোক নিহত হয়।

ঘটনা বিৱৰণী মতে, ডিমৌৰ বামুণবাৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শিৱসাগৰৰ পৰা ডিব্ৰুগড় অভিমুখী এএছ ০১জে ৪১৮৮ নম্বৰৰ বাছ আৰু এএছ ০৩ ৯৬৩৩ নম্বৰৰ অল্ট'খনৰ মাজত মুখামুখী সংঘৰ্ষত একে পৰিয়ালৰ পতি-পত্নী আৰু কণমাণি পুত্ৰ সন্তানৰ উপৰি আন এগৰাকী মহিলা নিহত হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয়।

নিহতসকল ডিমৌৰ পালেঙীৰ প্ৰাঞ্জল দুৱৰী, তেওঁৰ পত্নী সবনম দুৱৰী, কণমাণি পুত্ৰ বিস্তৱ দুৱৰী আৰু টিয়ক চেলেংহাট হালোৱাপথাৰ গাঁৱৰ অকনি তামুলী বুলি জানিব পৰা গৈছে। অল্ট'খনত থকা ৫ জন লোকৰ ভিতৰত গুৰুতৰভাৱে আহত চেলেংহাটৰ বিজিত তামুলীক জয়সাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

উল্লেখ্য যে, চেলেংহাটৰ পৰা অকনি তামুলী নামৰ মহিলাগৰাকীয়ে পুত্ৰ বিজিত তামুলীৰ সৈতে ডিমৌৰ পালেঙীৰ জীয়েকৰ ঘৰলৈ ফুৰিবলৈ আহি জী, জোঁৱাই, নাতিসহ ঘৰলৈ ওভতাৰ পথত এই শোকাবহ ঘটনাটো সংঘটিত হয় আৰু চাৰিজনেই নিহত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in