ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, শিশুসহ ১৩ জনৰ মৃত্যু

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ ৰাজস্থানৰ প্ৰতাপগড়ত সোমবাৰে নিশা সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত শিশুসহ ১৩ জন নিহত হোৱাৰ লগতে ১৮ জনকৈ লোক গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে, সোমবাৰে নিশা ৰাজমাৰ্গ ১১৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰে এটা বিবাদ যাত্ৰী দলে বিবাহ অনুষ্ঠানলৈ গৈ থকাৰ সময়তে পথটোৰে আহি থকা এখন তীব্ৰবেগী ট্ৰাকে বিবাহযাত্ৰীসকলক মহতিয়াই নিয়ে। ইফালে দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাকখনে এডাল গছত খুন্দা মৰাত ট্ৰাকখনৰ চালকজনো গুৰুতৰভাৱে আহত হয়।

ইফালে ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে।

দুৰ্ঘটনা সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অশোক গেহলটে শোক প্ৰকাশ কৰি নিহতসকলৰ পৰিয়াললে গভীৰ সমবেদনা জ্ঞাপন কৰে। আনহাতে পথৰ দাঁতিৰে গৈ থকা বিবাহ যাত্ৰীক ট্ৰাক চালকে নেদেখাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in