ভোগালীৰ আনন্দ উল্লাসৰ মাজতে নুমলীগড়ত দুৰ্ঘটনা, নিহত ২ স্কুটী আৰোহী…

ভোগালীৰ আনন্দ উল্লাসৰ মাজতে নুমলীগড়ত দুৰ্ঘটনা, নিহত ২ স্কুটী আৰোহী…
  • ভোগালীৰ আনন্দ উল্লাসৰ মাজতে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা।
  • নুমলীগড়ৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাৰঘাটত সংঘটিত হয় এই দুৰ্ঘটনা।
  • এখন আল্ট্ৰা বাছে মহতিয়াই নিয়ে স্কুটী আৰোহীক।
  • দুৰ্ঘটনা সংঘটিত কৰা বাছখনৰ নম্বৰ এএছ০৩-বিচি-৪৩৬৬।
  • আনহাতে দুৰ্ঘটনাত পতিত হোৱা স্কুটীখনৰ নম্বৰ হৈছে এএছ০৫-এল-৮৫০৭।
  • দুৰ্ঘটনাত থিতাতে নিহত হয় স্কুটী আৰোহী দুজন।
  • নিহত লোক দুজনৰ নাম কৃষ্ণ ৰাম ছেত্ৰী আৰু ৰামেশ্বৰ শইকীয়া বুলি জানিব পৰা গৈছে।
  • নিহত দুয়োজন লোক নুমলীগড়ৰ কাষৰীয়া পাৰঘাট তৰুন নগৰৰ বাসিন্দা।
  • ইতিমধ্যে ঘটনাস্থলীত কমাৰগাঁও আৰক্ষী উপস্থিত হৈ আল্ট্ৰা বাছখন জব্দ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in