কালিকা লাগিছে গোগামুখ-ঘিলামৰা পথতঃ এইবাৰ বলেৰ’য়ে খুন্দিয়ালে যুৱকক…

কালিকা লাগিছে গোগামুখ-ঘিলামৰা পথতঃ এইবাৰ বলেৰ’য়ে খুন্দিয়ালে যুৱকক…

ডিজিটেল সংবাদ ঢকুৱাখনা: কালিকা লাগিছে গোগামুখ-ঘিলামৰা ৰাজ্যিক ঘাইপথত। দেওবাৰে বিয়লি এই পথৰ মহবল অংশত এটা ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ এঘণ্টাৰ  পিছতে পুনৰ ঘিলামৰা ৰাইডঙীয়া অঞ্চলৰ ৰাজ্যিক ঘাইপথৰ ওপৰত সংঘটিত হয় আন এক দুৰ্ঘটনা।

সন্ধিয়া  ঢকুৱাখনা দিশৰ পৰা তীব্ৰ গতিত গৈ থকা  এ এছ ০৭ /এন / ৩৬৭৯ নম্বৰৰ  এখন বলেৰ' গাড়ীয়ে প্ৰচণ্ড  গতিত গৈ বিপৰীত দিশৰ পৰা গৈ থকা ৰাইডঙিয়া গাঁৱৰ  ক্ষুদ্ৰ ব্যৱসায়ী হেমন্ত গগৈ নামৰ এজন স্কুতি চালকক খুন্দা মাৰি গুৰুতৰ ভাবে আহত কৰে। পাছত আহত  যুৱকজনক ঘিলামৰা আৰক্ষীয়ে উদ্ধাৰ কৰি ঘিলামৰা সামূহিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বলেৰ' গাড়ীখন জব্দ কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in