অপূৰ্ণ সপোন… বিয়াৰ নিমন্ত্ৰণ দিবলৈ গৈ দুৰ্ঘটনাত হেৰাল মৃদুস্মিতা

প্ৰতিকী ফটো
প্ৰতিকী ফটো

ডিজিটেল সংবাদ, বান্দৰদেৱাঃ নতুন ঘৰ সজাৰ সপোন পূৰ্ণ নহ'ল মৃদুস্মিতা হাজৰিকাৰ। বিয়ালৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত ভয়াৱহ এক পথ দুৰ্ঘটনাত হঠাৎ হেৰাই গ'ল মুখত এমোকোৰা হাঁহি লৈ 'বিয়াত আহিবই লাগিব' বুলি কৈ আলহীক নিমন্ত্ৰণ দি ফুৰা ছোৱালীজনী।

লখিমপুৰৰ বান্দৰদেৱাত মঙলবাৰে নিশা সংঘটিত এই শোকাৱহ দুৰ্ঘটনাৰ পিছতে এতিয়া দুখনকৈ ঘৰত বিৰাজ কৰিছে শোকাকূল পৰিৱেশে। অনাকাংক্ষিত খবৰটো পোৱা মাত্ৰকে কান্দোনত ভাগি পৰিছে পথালিপাহাৰৰ মৃদুস্মিতাৰ সৈতে নতুন জীৱনৰ পাতনি মেলিবলৈ পৰিকল্পনা কৰা যুৱকজন।

বিয়াৰ দিন চমু চাপি অহালৈ চাই যোৱা দুদিনৰ দৰে মঙলবাৰেও আত্মীয়-স্বজন তথা বন্ধুবৰ্গক নিজে গৈ নিমন্ত্ৰণ দি আহিবৰ বাবে মৃদুস্মিতা পুৱাই ওলাই গৈছিল। সম্পৰ্কীয় ককায়েক মইনা কটকীৰ সৈতে বাইকত উঠি দিনটো কেবাঘৰতো নিমন্ত্ৰণ জনাই ঘৰলৈ বুলি ওভতিছিল মৃদুস্মিতা।

সেই সময়তে নিশা প্ৰায় ৮বজাত বান্দৰদেৱাত বিপৰীত দিশৰ পৰা আহি থকা পিবি ০৫ ভি ৯০৪১ নম্বৰৰ এখন ট্ৰাকে বাইকখনত খুন্দা মাৰে। ট্ৰাকখনৰ খুন্দাত মইনা কটকী থিতাতে নিহত হোৱাৰ লগতে বাইকখনৰ পৰা উফৰি পথত ছিটিকি পৰে মৃদুস্মিতা। গুৰুতৰভাৱে আহত মৃদুস্মিতাক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে।

গুৱাহাটীলৈ আনি থকাৰ পথতে স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে পথতে মৃত্যু হোৱা বুলি ঘোষণা কৰে।

উল্লেখ্য যে, অহা ১০ অক্টোবৰত বিয়াৰ দিন আছিল মৃদুস্মিতাৰ। বিয়ালৈ মাজত মাথো ২০ দিন থকা অৱস্থাত দুৰ্ঘটনাত পতিত হৈ যুৱতীগৰাকীয়ে এনেদৰে প্ৰাণ হেৰুৱাবলগীয়া হোৱাত সমগ্ৰ লখিমপুৰতে শোকৰ ছাঁ পৰিছে।

ইফালে, সন্ধিয়া হ'লেই আৰম্ভ হোৱা তীব্ৰ বেগী ট্ৰাকৰ দৌৰাত্ম্যৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হ'বলৈ পালে বুলি ক্ষোভ ব্যক্ত কৰিছে প্ৰত্যক্ষদৰ্শীসকলে। ক্ষুব্ধ একাংশ প্ৰত্যক্ষদৰ্শী তথা স্থানীয় লোকসকলে দুৰ্ঘটনাটোৰ পিছতে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাত বহু সময় ধৰি যান-বাহনৰ চলাচল বন্ধ হৈ পৰে। পিছত আৰক্ষী উপস্থিত হৈ শূন্যলৈ গুলী চলাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in