চিৰাঙৰ বিজনীৰ দুলানী নৈত পুনৰ অঘটন…

চিৰাঙৰ বিজনীৰ দুলানী নৈত পুনৰ অঘটন…

ডিজিটেল সংবাদ, চিৰাংঃ বিগত ২৪ ঘন্টাৰ ভিতৰত চিৰাং জিলাৰ বিজনীৰ দুলানী নৈত আৰু এটি স্কুলীয়া ছাত্ৰৰ মৃতদেহ প্ৰত্যক্ষ হৈছে । কালি দুপৰীয়াৰ ভাগত দুলানী নৈৰ শিয়ালমাৰী এলেকাত মুনীন্দ্ৰ দাস নামৰ এগৰাকী ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰৰ সলিল সমাধি হোৱা ঘটনাৰ মাৰ নাযাওঁতেই আজি পুনৰ দুলানী নৈৰ বুকুত এটি স্কুলীয়া ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই বিজনী এলেকাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

আজি ৰাতিপুৱাৰ ভাগত স্থানীয় নৈপৰীয়া লোকে গৰু এৰাল দিবলৈ গৈ মাজৰাবাৰী-হাচাৰাওবাৰী এলেকাৰ দুলানী নৈৰ পানীত ওপঙি থকা অবস্থাত এটি শিশুৰ উলঙ্গ মৃতদেহ প্ৰত্যক্ষ কৰে । পৰবৰ্তী সময়ত মৃতদেহটো বিজনীৰ ১ নং মাজৰাবাৰী গাঁৱৰ আব্দুল কৰিমৰ পুত্ৰ মুজাহাৰুল ইছলাম (১০) বুলি চিনাক্ত কৰা হৈছে ।

৩৪১ নং মাজৰাবাৰী প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ মুজাহাৰুল ইছলাম যোৱা বুধবাৰৰ বিয়লিৰ পৰা সন্ধানহীন হৈ আছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে । কি পৰিস্থিতিত ছাত্ৰ গৰাকীৰ মৃত্যু হৈছে সেয়া এতিয়াও পোহৰলৈ অহা নাই । ইপিনে দুলানী নৈত পুনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ লাভ কৰি বিজনী থানাৰ আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in