যতীন গোস্বামীলৈ সংগীত নাটক অকাডেমীৰ সৰ্বোচ্চ সন্মান ‘অকাডেমী ৰত্ন’

যতীন গোস্বামীলৈ সংগীত নাটক অকাডেমীৰ সৰ্বোচ্চ সন্মান ‘অকাডেমী ৰত্ন’

ডিজিটেল ডেস্কঃ নৃত্যগুৰু যতীন গোস্বামীলৈ সংগীত নাটক একাডেমীৰ সৰ্বোচ্চ সন্মান 'অকাডেমী ফেল' আগবঢ়োৱা হৈছে। সংগীত নাটক অকাডেমীয়ে এইবাৰ সংগীত নাটক একাডেমী বঁটা-২০১৮ আগবঢ়াইছে ৰাজ্যৰ বিশিষ্ট মুখাশিল্পী হেমচন্দ্ৰ গোস্বামীলৈ। উল্লেখযোগ্য যে, হেমচন্দ্ৰ গোস্বামী চামগুৰু সত্ৰৰ সত্ৰাধিকাৰ।

সংগীত নাটক অকাডেমী লাভ কৰিছে টংকেশ্বৰ হাজৰিকা বৰবায়নেও। ইয়াৰ লগতে অঞ্জলি বৰবৰা বৰঠাকুৰক সত্ৰীয়া নৃত্যৰ বাবে আৰু মনোজ কুমাৰ দাসক পৰম্পৰাগত সংগীতৰ বাবে উস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে।

এইবাৰ অকাডেমী ফেল' (একাডেমী ৰত্ন) দেশৰ মুঠ চাৰিগৰাকী ব্যক্তিলৈ আগবঢ়োৱা হৈছে। তেওঁলোক হ'ল ক্ৰমে- জাকিৰ হুছেইন, যতীন গোস্বামী, সোণাল মানসিং আৰু কে কল্যানাসুন্দৰম পিল্লাই।

উল্লেখযোগ্য যে, অকাডেমী ৰত্ন লাভ কৰা যতীন গোস্বামী হ'ল তৃতীয়জন অসমীয়া। ইয়াৰ পূৰ্বে ড০ মহেশ্বৰ নেওগ, ড০ ভূপেন হাজৰিকাই এই বঁটা লাভ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in