কোকৰাঝাৰ-মঙলদৈৰ লোকসভা নিৰ্বাচনক লৈ এবছু নেতা প্ৰমোদ বড়োৰ সংবাদমেল 

কোকৰাঝাৰ-মঙলদৈৰ লোকসভা নিৰ্বাচনক লৈ এবছু নেতা প্ৰমোদ বড়োৰ সংবাদমেল 

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ লোকসভা নিৰ্বাচনৰ দিন ক্ৰমান্বয়ে চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমূহে নিজ নিজ দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰা আৰম্ভ কৰিছে। কোকৰাঝাৰ লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ নাম ইতিমধ্যে বিপিএফ, ইউপিপিএল আৰু চিপিআই(এম)য়ে ঘোষণা কৰাৰ পিছত ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মৰ প্ৰতি মুকলি সমৰ্থন আগবঢ়োৱাৰ লগতে মঙলদৈ লোকসভা সমষ্টিৰ বাবে ইউপিপিএলৰ প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰদীপ কুমাৰ ব্ৰহ্মৰ প্ৰতিও মুকলি সমৰ্থন আগবঢ়াইছে এবছু, এনডিএফবি(প্ৰ) আৰু পিজেএচিবিএমে।আজি কোকৰাঝাৰ সদৰ চহৰস্থিত এবছুৰ মুখ্য কাৰ্যালয় বডোফা হাউচত আয়োজিত হোৱা এক সংবাদমেলত এবছু, এনডিএফবি(প্ৰ), পিজেএচিবিএম নেতৃবৃন্দই ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মৰ প্ৰতি মুকলি সমৰ্থন আগবঢ়ায়।

শান্তি সম্প্ৰীতি, সমউন্নয়নৰ বাবে ইউপিপিএলৰ প্ৰাৰ্থীক ভোট দিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাই কোকৰাঝাৰ যিহেতু স্পৰ্শকাতৰ সমষ্টি সেয়েহে নিৰ্বাচনৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হব নোৱাৰে তাৰ বাবে কঠোৰ পদক্ষেপ লবলৈ নিৰ্বাচন আয়োগক আহ্বান জনাইছে এবছুৰ সভাপতি প্ৰমোদ বড়োৱে। ৰাষ্ট্ৰৰ ভৱিষ্যত যিহেতু সাংসদে নিৰ্ধাৰণ কৰে সেয়ে সাংসদ নিৰ্বাচন কৰোতে বিশেষ সাৱধানতা অৱলম্বন কৰা ভাল বুলি মন্তব্যৰে এইক্ষেত্ৰত ইউপিপিএলৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদীপ কুমাৰ ব্ৰহ্ম সাংসদৰ বাবে চাৰিওপিনৰ পৰা উপযুক্ত বুলি মন্তব্য কৰি ইউপিপিএলৰ সপক্ষে ভোটদানৰ আহ্বান জনাইছে।

তেজপুৰ আৰু গুৱাহাটী সমষ্টিত নিজাববীয়াকৈ নহ'লেও এনপিপিৰ সহযোগত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সম্ভাৱনাও প্ৰকাশ কৰিছে প্ৰমোদ বড়োৱে। কোকৰাঝাৰ বাগানশালীস্তিত এবছুৰ মুখ্য কাৰ্যালয় তথা বডোফা হাউচত আয়োজিত সংবাদমেলত এনডিএফবি (প্ৰগতিশীল)ৰ সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰী, পিজেএচিবিএমৰ আহ্বায়ক ৰাকেশ বড়ো উপস্থিত আছিল। ইফালে দোতমা ইউপিপিএলৰ কাৰ্যালয়ত শুকুৰবাৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মক দলীয় কৰ্মী সমৰ্থকে বিপুল আদৰণি জনায়।

কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মক আদৰণি তথা সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে জিলা খনৰ দোতমাত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত উপস্থিত থাকি ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই কয় যে, পূৰ্বৰ নিৰ্বাচন সমুহৰ তুলনাত এইবাৰ বাতাবৰণ যথেষ্ট ভাল আৰু ভোটাৰ ৰাইজৰ মত প্ৰায় স্পষ্ট হৈ পৰিছে। এইবাৰৰ সাধাৰণ নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিত চিপিআইঅ(এম), কংগ্ৰেছ দলেও প্ৰতিদ্বন্দিতা কৰিবলৈ আগবঢ়াত উৰ্খাও গৌৰা ব্ৰহ্মই আদৰণি জনাই পূৰ্বতে অকল স্থানীয়ৰ ওপৰতে এৰি দিয়াত পৰিস্থিতি ভয়াৱহ হৈ পৰিছিল।

ইউপিপিএল দলে মুলত বড়ো সমস্যাৰ সমাধান, বিটিচিৰ ভয়াৱহ দূৰ্নীতি, শান্তি প্ৰতিষ্ঠা আদিক নিৰ্বাচনী ইচ্ছু হিচাপে লৈ জনসাধাৰণৰ মাজলৈ যাব আৰু নিৰ্বাচনত বিজয়ী হ'ব বুলি দাবী কৰি বিপিএফ আৰু বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ কোনো নিৰ্বাচনী ইচ্ছু নাই বুলি দাবী কৰিছে ব্ৰহ্মই। ইউপিপিএলৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আয়োজিত হোৱা উক্ত আদৰণি তথা সম্বৰ্ধনা সভাত ইউপিপিএলৰ এমচিএলএ জ্যোতিৰইন্দ্ৰ ব্ৰহ্ম, কোকৰাঝাৰ জিলা ইউপিপিএলৰ সভাপতি বিদ্যাধৰ ব্ৰহ্ম, সহকাৰী সম্পাদক ৰুধিৰ ব্ৰহ্ম, এবছুৰ দোতমা আৰু ৰাম্ফলবিল আঞ্চলিক সমিতিৰ নেতৃবৃন্দ উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in