বিশ্বনাথ জিলা এবছুৰ বাৰ্ষিক অধিবেশনৰ লাইখুটা স্থাপন

বিশ্বনাথ জিলা এবছুৰ বাৰ্ষিক অধিবেশনৰ লাইখুটা স্থাপন

ডিজিটেল সংবাদ উত্তৰ অসম: বিশ্বনাথ জিলা নিখিল বড়ো ছাত্ৰ সন্থা (এবছু)ৰ বিশ্বনাথ জিলাৰ দ্বিতীয় বাৰ্ষিক আৰু বিশ্বনাথ আঞ্চলিকৰ ১৩ তম বাৰ্ষিক অধিবেশনৰ বুধবাৰে লাইখুটা স্থাপন কৰা হয়। পাভৈ তিনিসুঁতি শান্তিপুৰৰ খেল পথাৰত অহা ১৮,১৯ আৰু ২০ ডিচেম্বৰত অনুষ্ঠিত হব লগীয়া বাৰ্ষিক অধিবেশনখনিৰ লাইখুটা প্ৰতিষ্ঠাৰ অনুষ্ঠানত নিখিল বড়ো ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলাৰ উপ সভাপতি বীৰবল বসুমতাৰী, সাধাৰণ সম্পাদক সংগল গয়াৰী, নিখিল বড়ো ছাত্ৰ সন্থাৰ বিশ্বনাথ আঞ্চলিকৰ সভাপতি ৰূপেন দৈমাৰী, বিশ্বনাথ আঞ্চলিক বাথৌ মহাসভাৰ সভাপতি বুলুৰাম মুছাহাৰী, অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি কাতিৰাম বসুমতাৰী ,সাধাৰণ সম্পাদক ৰঞ্জিত বড়োৰ লগতে নিখিল বড়ো ছাত্ৰ সন্থাৰ বিশ্বনাথ আঞ্চলিকৰ সমূহ বিষয় ববীয়া আৰু অঞ্চলটোৰ সমুহ ৰাইজ উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in