অসমত ভূমি নীতি আৰু ভূমি আইন প্ৰৱৰ্তনৰ দাবীত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসমত ভূমি নীতি আৰু ভূমি আইন প্ৰৱৰ্তনৰ দাবীত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

ডিজিটেল সংবাদ, গুৱাহাটীঃ জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে ১৯৫১ চনক ভিত্তি বৰ্ষ হিচাপে লৈ ১৯৫১ চনৰ নাগৰিক পঞ্জী অনুযায়ী ভূমি নীতি আৰু ভূমি আইন প্ৰৱৰ্তন কৰিলেহে অসমত খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা পৰিব৷ এই বুলি দাবী সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ৷ বৃহস্পতিবাৰে এই দাবী উত্থাপন কৰি সংগঠনটোৱে অসমৰ জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷

সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি দেৱজিৎ দত্ত আৰু সাধাৰণ সম্পাদক আজমল হুছেইনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত কয় যে অসমত বহিৰাগত বণিকগোষ্ঠী আৰু বিদেশীৰ আগ্ৰাসনে অসমীয়া জাতি আৰু ভূমিৰ ওপৰত অধিকাৰ সাব্যস্ত কৰি খিলঞ্জীয়াৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে৷ এই ক্ষেত্ৰত নাগৰিক পঞ্জীয়ে বিশেষ ভূমিকা পালন কৰি খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা কৰিব বুলি ভৱা হৈছিল যদিও কাৰ্যতঃ সেয়া পৰিলক্ষিত নহ'ল৷ যাৰ বাবে অসম আৰু অসমীয়াৰ স্বাৰ্থত সংগঠনটোনে এই ধৰ্মঘট কাৰ্যসূচী পালন কৰিবলৈ বাধ্য হৈছে৷

ইফালে সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ কালত একাংশ খিলঞ্জীয়াৰ নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট নহোৱাক লৈও গভীৰ উদ্বেগ প্ৰকাশ কৰে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমে৷ সংগঠনটোৱে নিকা আৰু সুষ্ঠ নিৰ্বাচনৰ দাবীৰে অতি শীঘ্ৰে নিৰ্বাচনী আয়োগক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়৷

আনহাতে নিৰ্বাচনৰ দিনাই গোলাঘাটত আৰক্ষীৰ গুলীত নিহত হোৱা জ্ঞানেন্দ্ৰ ৰাজখোৱা নামৰ ব্যক্তিজনৰ মৃত্যুৰ প্ৰকৃত আৰু নিৰপেক্ষ তদন্তৰো দাবী উত্থাপন কৰি সংগঠনটোৱে তিনিঘন্টীয়া অৱস্থান ধৰ্মঘটৰ অন্তত কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in