এনআৰচিত আপত্তি দাখিল, ক্ষুব্ধ এবিএমছুঃ আপত্তিকাৰীয়ে আৱেদন উঠাই নল’লে আইনগত ব্যৱস্থাৰ হুংকাৰ

এনআৰচিত আপত্তি দাখিল, ক্ষুব্ধ এবিএমছুঃ আপত্তিকাৰীয়ে আৱেদন উঠাই নল’লে আইনগত ব্যৱস্থাৰ হুংকাৰ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ এনআৰচিৰ অন্তিম পৰ্যায়ত একাংশ ধৰ্মীয় সংখ্যালঘু আৰু ভাষিক সংখ্যালঘু লোকৰ বিৰুদ্ধে একাংশ দল সংগঠনৰ প্ৰৰোচনাত একাংশ ব্যাক্তিয়ে আপত্তি দাখিল কৰা অভিযোগত কেন্দ্ৰ কৰি ক্ষুব্ধ হৈ পৰিছে এবিএমছু। মঙলবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাৱত এবিএমছুৱে এক সংবাদমেলৰ আয়োজন কৰি হকে বিহকে আক্ৰোশমূলকভাৱে আপত্তিকাৰীয়ে অভিযোগ দাখিল কৰা ঘটনাৰ তীব্ৰ গৰিহণা দি প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা কাৰ্য কোনোপধ্যে সহ্য কৰা নহ'ব বুলি স্পষ্ট কৰি দিয়ে।

এবিএমছুৰ নেতৃবৰ্গই তীব্ৰ উষ্মা প্ৰকাশ কৰি জাতিৰ নামত সংগঠন কৰি নিজকে জাহিৰ কৰিব বিচৰা কাণ্ডক গৰিহণা দি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণত দল সংগঠনসমূহক হেঙাৰ হৈ থিয় নহবলৈ আহ্বান জনাইছে।

মুলত এবছু, আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, জনজাতি সুৰক্ষা মঞ্চ নামৰ সংগঠনকেইটাৰ বিৰুদ্ধে এবিএমছুৱে অভিযোগৰ আঙুলি টোৱাই আপত্তিকাৰীক নিজ আবেদন উঠাই লবলৈ আহ্বান জনাইছে।

সংবাদমেলত এবছুৰ বিৰুদ্ধে প্ৰমাণ আছে আৰু এবছুক মিথ্যাচাৰৰ আশ্ৰয় নলবলৈ আহ্বান জনাই এবিএমছুৰ নেৰ্তৃবৰ্গই আপত্তিকাৰীয়ে প্ৰকৃত ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে জনোৱা আৱেদনপত্ৰ উঠাই নললে আপত্তিকাৰীৰৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ হুংকাৰ প্ৰদান কৰিছে।

কোকৰাঝাৰ প্ৰেছ ক্লাৱত মঙলবাৰে আয়োজিত হোৱা সংবাদমেলত এবিএমছুৰ সভাপতি আবু চৈয়দ আনছাৰী, উপ সভাপতি আলি আজম, সহকাৰী সম্পাদক মইনুদ্দিন আলি উপস্থিত আছিল। ইপিনে উক্ত বিষয়টো সন্দৰ্ভত কোকৰাঝাৰ জিলা কংগ্ৰেছেও মঙলবাৰে এক সংবাদমেলৰ আয়োজন কৰে।

সংবাদমেলত প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য শম্ভু মণ্ডলে বিষয়টো সন্দৰ্ভত জিলা উপায়ুক্তক এক স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে বুলি মন্তব্য কৰি প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তিৰ বিৰোধিতা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in