কোকৰাঝাৰত এবিএমছুৰ ধৰ্ণা…

কোকৰাঝাৰত এবিএমছুৰ ধৰ্ণা…

ডিজিটেল সংবাদ, কোকৰাঝাৰ: এবিএমছুৰ প্ৰয়াত সভাপতি শ্বহীদ লাফিকুল ইছলাম হত্যাকাণ্ডৰ ন্যায় প্ৰদানৰ দাবীত কোকৰাঝাৰত মঙলবাৰে এবিএমছুয়ে অনশন কাৰ্যসূচী ৰূপায়ন কৰে৷ কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ শিশু উদ্যানৰ সন্মুখত এবিএমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আৰু সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সহযোগত ৰূপায়ন হোৱা অনশন কাৰ্যসূচীত এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে৷

হত্যাকাণ্ডটোৰ চিবিআই তদন্ত ৰাজহুৱা কৰাৰ দাবী কৰি এবিএমছুৱে প্ৰতিটো ৰাজনৈতিক দলৰ ওপৰত আস্থা হেৰাইছে বুলি উল্লেখ কৰি বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ ভূমিকাতো ক্ষুব্ধ হৈ উঠিছে এবিএমছুৱে। উক্ত অনশন কাৰ্যসূচীত অংশগ্ৰহণ এবিএমছুৰ সভাপতি আশ্ৰাফুল ইছলামে ছাত্রনেতা লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ আঁৰত গভীৰ ষড়যন্ত্ৰ লুকাই আছে মন্তব্য কৰে। ৰাজনৈতিক ষড়যন্ত্ৰ নিহিত হৈ থকাৰ বাবে হত্যাকাণ্ডই তিনিটা বছৰ অতিক্ৰম কৰাৰ পিছতো আজিলৈ ন্যায় নাপালে বুলি মন্তব্য কৰি এবিএমছুৰ সভাপতি আশ্ৰাফুল ইছলামে চিবিআইৰ তদন্তৰ অগ্ৰগতি ৰাজহুৱা কৰিবলৈ দাবী জনায়।

ইফালে, এবিএমছুৰ সাধাৰণ সম্পাদক টাইছন হছেইনে প্ৰতিষ্ঠিত নেতা লাফিকুল হুছেইনৰ হত্যাকাণ্ডই ন্যায় নোপোৱা পৰ্যন্ত আন্দোলন অব্যাহত থাকিব বুলি ঘোষণা কৰি এই আন্দোলন দিল্লী, দিছপুৰলৈ সম্প্ৰসাৰিত হব বুলি মন্তব্য কৰে। মঙলবাৰৰ অনশনথলীত আক্ৰাছুৰ উপদেষ্ঠা হিতেশ্বৰ বৰ্মন, নাথ যোগী ছাত্ৰ সন্থাকে ধৰি আন কেবাটাও দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in