অভয়াপুৰীত বিজেপি কৰ্মীক হত্যা, দলঙৰ তলত উদ্ধাৰ মৃতদেহ…

অভয়াপুৰীত বিজেপি কৰ্মীক হত্যা, দলঙৰ তলত উদ্ধাৰ মৃতদেহ…

ডিজিটেল সংবাদ, বঙাইগাঁওঃ বঙাইগাঁওৰ অভয়াপুৰীত নিশা চাঞ্চল্যকৰ ঘটনা ৷ অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰিলে সক্ৰিয় বিজেপি কৰ্মীক ৷ মৃত বিজেপি কৰ্মীগৰাকীৰ নাম হ'ল কানাইলাল সৰকাৰ ৷ অভয়াপুৰীৰ বজাৰৰ পৰা লেংটিছিঙাৰ নিজ বাসগৃহত গৈ থকা পথত এই ঘটনা ৷

অভয়াপুৰী-হাজো সংযোগী ৰাজ্যিক ঘাইপথৰ ধৰ্মপুৰৰ এখন দলঙৰ তলত হত্যা কৰি পেলাই থৈ যায় দুৰ্বৃত্তই ৷ চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰা চিহ্ন স্পষ্ট কৰ্মীগৰাকীৰ দেহত ৷ কেবাঠাইতো আঘাতৰ চিন বিজেপি কৰ্মীগৰাকীৰ দেহত ৷ হত্যা কৰি দুৰ্বৃত্তই লৈ যায় টকা, মোবাইল ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in