অভয়াপুৰীত তীব্ৰবেগী চাৰিচকীয়া বাহনৰ সন্ত্ৰাস, মহতিয়াই নিলে দুখনকৈ দুচকীয়া বাহন…

অভয়াপুৰীত তীব্ৰবেগী চাৰিচকীয়া বাহনৰ সন্ত্ৰাস, মহতিয়াই নিলে দুখনকৈ দুচকীয়া বাহন…

ডিজিটেল সংবাদ, বঙাইগাঁওঃ সোমবাৰে সন্ধিয়া বঙাইগাঁও জিলাৰ অভয়াপুৰী মহাবিদ্যালয়ৰ সন্মুখত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এখন তীব্ৰবেগী চাৰিচকীয়া বাহনে মহতিয়াই নিয়ে দুখনকৈ দুচকীয়া বাহন ৷ ফলত এটি কণমাণি শিশুকে ধৰি ৩ জন লোক আহত হয় ৷

শিশুটিৰ বাহিৰে আটাইকেইজন লোকৰ অৱস্থা সংকটজনক ৷ তীব্ৰবেগী AS 01DL 0687 নম্বৰৰ একচেণ্ট বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথত চলি থকা এখন বাইক আৰু স্কুটিত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।

সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি হোৱা লোককেইজনৰ নাম কন্দৰ্প ৰায়, সোমেন্দ্ৰ বৈষ্ণৱ আৰু ৰাখাল বৈষ্ণৱ । আটাইকেইজনকে উন্নত চিকিৎসাৰ বাবে বঙাইগাঁওলৈ প্ৰেৰণ কৰা হৈছে ।

আহতসকলৰ ভিতৰত সোমেন্দ্ৰ বৈষ্ণৱ অষ্টম অসম আৰক্ষী বাহিনীৰত কৰ্মৰত জোৱান ৷ ইপিনে চাৰিচকীয়া বাহনৰ উদণ্ড চালকজনক আৰক্ষীয়ে আটক কৰিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in