ঢেকীয়াজুলিত মঞ্চস্থ হ’ল ব্যতিক্ৰমী নাটক “অভিযাত্ৰী ঐৰাৱত”

ঢেকীয়াজুলিত মঞ্চস্থ হ’ল ব্যতিক্ৰমী নাটক “অভিযাত্ৰী ঐৰাৱত”

ডিজিটেল সংবাদ, ওৰাংঃ যি সময়ত ৰাজ্যত হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে তেনে সময়তে ঢেকিয়াজুলিৰ ৰঙ্গপীঠ সাংস্কৃতিক গোষ্ঠীৰ কলা-কুশলী সকলে "ঐৰাৱত" নামৰ এখন ব্যতিক্ৰমী নাটক মঞ্চস্থ কৰিছে। হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়ত মানুহৰ মাজত সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে ঢেকীয়াজুলিত প্ৰাকৃতিক পৰিবেশৰ মাজত মঞ্চস্থ হ'ল ব্যতিক্ৰমী নাটক "ঐৰাৱত"।
সামাজিক দায়বদ্ধতাৰ এখন ব্যতিক্ৰমী নাটক "ঐৰাৱত"।

নাটক খনৰ মূল উদ্দেশ্য হাতী-মানুহৰ মাজত হোৱা সংঘাতৰ সজাগতা সৃষ্টি কৰা। নাটক খনত তুলি ধৰা হৈছে হাতী-মানুহৰ সংঘাতৰ এখন জীয়া অথচ কৰুন ছবি। নাটক খন ব্যতিক্ৰম, কাৰণ মঞ্চৰ পৰিবৰ্তে প্ৰাকৃতিক পৰিবেশত সেউজীয়া গছ-গছনিৰ তলত মঞ্চস্থ হৈছে নাটক খন। নাটক যে কেৱল মনোৰঞ্জনেই নহয় সামাজিক দায়বদ্ধতাও হ'ব পাৰে তাৰেই প্ৰচেষ্টা সাংবাদিক, সাংস্কৃতিক কৰ্মী ভাস্কৰ ডেকাৰ। সামাজিক দ্বায়িত্ব পালন কৰাৰ বাবে "ঐৰাৱত"ৰ জৰিয়তে আগবাঢ়িছে ভাস্কৰ ডেকা আৰু ৰঙ্গপীঠ।

ভাস্কৰ ডেকাৰ ৰঙ্গপীঠৰ "ঐৰাৱত" নামৰ ব্যতিক্ৰমী নাটকখন বি বি চিৰ তথ্যচিত্ৰৰ লগত সংলগ্ন হ'ব। তাৰবাবে ইতিমধ্যেই আমেৰিকাৰ প্ৰকৃতিপ্ৰেমী পৰ্যটকে ঐৰাৱত নাটকৰ দৃশ্য কেমেৰাত বন্দী কৰিছে। নাটকে যে সমাজৰ বাবে, মানুহৰ বাবে বাৰ্তা বহন কৰে তাকেই প্ৰতিপন্ন কৰিব৷ আৰু এই তথ্যচিত্ৰ বিবিচি যোগে সম্প্ৰচাৰিত হ'ব৷ হয়তো অসমৰ নাট্যক্ষেত্ৰত প্ৰথমবাৰৰ বাবে আমেৰিকাৰ ব্যক্তি আহি তথ্যচিত্ৰৰ বাবে ৰঙ্গপীঠ ঢেকিয়াজুলিক তেওঁলোকৰ সৈতে সাঙুৰি লৈছে।

হাতী-মানুহৰ সংঘাতৰ বহু শিহৰণকাৰী দৃশ্য দেখিবলৈ পোৱা গৈছে ঐৰাৱত নাটকখনত। নাটক খনত প্ৰতীকি ৰূপত বিচৰণ কৰিছে খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা তিনিটা হাতীয়ে। নাটকৰ জৰিয়তে দৰ্শকক দেখুওৱা হৈছে হাতী-মানুহৰ সংঘাতৰ ভয়ংকৰ দৃশ্য। সাংবাদিক ভাস্কৰ ডেকাৰ পৰিচালনাত অভিনয়, সংগীত, পোহৰ আৰু শব্দৰ মায়াজালৰ মাজেৰে সমাজলৈ হাতী আৰু মানুহৰ সংঘাতৰ এখন‌ কৰুণ ছবি দাঙি ধৰিছে নাটকখনত৷ "ঐৰাৱত" নামৰ ব্যতিক্ৰমী নাটকখন চাই সুখী সকলো দৰ্শক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in