শেহতীয়া খবৰ
মৰ্মান্তিক ঘটনা! নুমলীগড়ত পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি... • নেপালত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১,০৪২ গৰাকীলৈ বৃদ্ধি... • অসমত নতুনকৈ ৩৩ জন লোকৰ দেহত কোৰোনা ভাইৰাছ, ৮৩১লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা... • অৱশেষত আৰম্ভ হ'ল সোণতলীৰ আৰিকাটি বৰদিয়া নয়াপাৰা সংযোগী দলং মেৰামতিৰ কাম • বানপানীয়ে প্ৰাণ কাঢ়িলে নগৰবেৰাৰ এগৰাকী কৃষকৰ... • অসম চৰকাৰৰ কৰ্মচাৰীয়ে দৰমহা কেতিয়া পাব, কাটিব নেকি দৰমহাৰ শতাংশ... • ঝাৰখণ্ডত আৰক্ষীৰে সংঘৰ্ষত ৩ নক্সালবাদীৰ মৃত্যু... • "কোৰোনাই নামাৰে, আমি খাবলৈ নাপাইহে মৰি থাকিম, আমাক ৰক্ষা কৰক", কোৱাৰেন্টাইন চেন্টাৰত থকা যুৱকে কিয় ক'লে এনেকৈ, VIDEO • অসমৰ আকাশত ওলোটা ৰামধেনু, অশনি সংকেত বুলি ছ'চিয়েল মিডিয়াত চৰ্চা, প্ৰকৃততে কিয় ওলোটাকৈ ওলাই ৰামধেনু • হাজোৰ সনাতন ডেকাৰ হত্যাকাণ্ডঃ পলাতক খবিৰউদ্দিন আহমেদক গ্ৰেপ্তাৰ...

পুলৱামা আক্ৰমণক লৈ নিৰ্মাণ হ’ব ছবি…

387

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্ব কপাঁই যোৱা পুলৱামাৰ সন্ত্ৰাসবাদীৰ সেই বৰ্বৰ আক্ৰমণত দেশৰ ৪৪ জনকৈ জোৱান নিহত হোৱাৰ বিষাদ বৰ্তমানেও দেশবাসীৰ অন্তৰৰ পৰা আতৰা নাই। এই আক্ৰমণৰ পাছতে ভাৰত-পাকিস্তানৰ সৰ্ম্পক অধিক অৱনতি ঘটিছিল। শেহতীয়াকৈ এক খবৰ আহিছে যে পুলৱামা এই আক্ৰমণক লৈ অচিৰেই নিৰ্মাণ হ’ব এখন ছবি। বলিউদৰ এই ছবিখনৰ নিৰ্মাণৰ কাম অতি সোনকালেই আৰম্ভ হ’ব বুলিও এক সূত্ৰই জনাইছে।

অভিনেতা ঈষান খট্টৰ

প্ৰাপ্ত খবৰ অনুসৰি, এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিব হিন্দী ছবি ‘ধড়ক’ৰ জৰিয়তে বলিউদত খোজ পেলোৱা অভিনেতা ঈষান খট্টৰে। ছবিখন নিৰ্মাণ কৰিব অভিষেক কাপুৰে। অতিসোনকালেই এই ছবিখনত অভিনয় কৰিবলগীয়া অভিনেতা-অভিনেত্ৰীসকলৰ নাম ৰাজহুৱা কৰা হ’ব। উল্লেখ্য যে, সংবাদমাধ্যমৰ সন্মুখত ঈষান খট্টৰে এই ছবিখনৰ সন্দৰ্ভত কোনো মন্তব্য এতিয়ালৈকে দিয়া নাই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি