ফাৰকাটিং জুনিয়ৰ কলেজত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

ফাৰকাটিং জুনিয়ৰ কলেজত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

ডিজিটেল সংবাদ, গোলাঘাটঃ ফৰকাটিং জুনিয়ৰ কলেজৰ উদ্যোগত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন অভিৰুচি ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি পুৱা ৪:৩০ বজাত ফৰকাটিং কলেজৰ তিনি আলিৰ পৰা আৰম্ভ হোৱা মাৰাথানৰ ফ্লেগ অফ কৰে, ফাৰকাটিং জুনিয়ৰ কলেজৰ পৰিচালক, সঞ্চালক ডঃ মনিষা বৰুৱাই।

হাফ মাৰাথানৰ ছোৱালী শাখাত প্ৰিয়া কুমাৰী গুপ্তাই প্ৰথম, তুলিকা গগৈয়ে দ্বিতীয় আৰু হিমাদ্ৰী ৰাজখোৱাই তৃতীয় পুৰষ্কাৰ লাভ কৰে। ল'ৰাৰ মাৰাথান শাখাত বিষ্ণু জ্যোতি শইকীয়াই প্ৰথম, যোগেশ বৰাই দ্বিতীয় আৰু বিকাশ শইকীয়াই তৃতীয় পুৰষ্কাৰ লাভ কৰে।

মাৰাথানৰ অন্তত কলেজ প্ৰাংগণত পুৱা ৯বজাৰ পৰা প্রবাল শইকীয়া, ৰাহুল শইকীয়া আৰু আতিকুৰ আলম হাজৰিকাৰ তত্বাৱধানত ছাত্ৰ ছাত্ৰীৰ দ্বাৰা প্রাণায়াম আৰু সহজ ব্যায়াম প্ৰদৰ্শন কৰা হয়। প্রায় তিনি শতাধিক ক্ৰীড়া প্ৰেমী ৰাইজৰ উপস্থিতিত আয়োজিত অনুষ্ঠানত ভোগেশ্বৰ বৰুৱাৰ জীৱন আৰু কীৰ্তি সম্পৰ্কে আলোকপাত কৰে মহাবিদ্যালয়ৰ পৰিচালন সঞ্চালক ডঃ মনিষা বৰুৱা আৰু বিষয় শিক্ষক লিলা কান্ত গগৈ, কাকুমণি গগৈ আৰু অংকিতা ফুকনে।

সুস্থ মন আৰু শৰীৰ গঠনত ক্ৰীড়াৰ ভূমিকা সম্পৰ্কে অভিজিত তামুলীয়ে বক্তব্য প্ৰদান কৰে। উল্লেখ্য যে, গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধা হ'ব বুলি ধাৰণা কৰাৰ লগতে ভৱিষ্যতেও মহাবিদ্যালয়খনে এনে অনুষ্ঠানৰ আয়োজন কৰি যাব বুলি জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in