বাঁহেৰেও বনাইছে গাড়ী! আমেৰিকা-লণ্ডনত নহয় চলে মৰাণত

বাঁহেৰেও বনাইছে গাড়ী! আমেৰিকা-লণ্ডনত নহয় চলে মৰাণত

ডিজিটেল ডেস্কঃ ভাল খবৰ। অসমতে নিৰ্মাণ হৈছে গাড়ী। এলা পেছা গাড়ী নহয় এইখন। ডিমোৰ কাষৰীয়া শিলপোতা গাঁৱৰ নিবাসী ববী মাউতে নিৰ্মাণ কৰিছে এখন অদ্ভূত গাড়ী। গাড়ীখনৰ নাম 'অভিনৱ'। অসম বুকছ অৱ ৰেকৰ্ডে ইতিমধ্যে স্বীকৃতি দিছে গাড়ীখনক।

'অভিনৱ' আচলতে এখন তিনিচকীয়া গাড়ী। বাঁহেৰে নিৰ্মাণ কৰা হৈছে এই গাড়ীখন। ২০১৫চনতে বিক্ৰম গাড়ীৰ ইঞ্জিন ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছিল গাড়ীখন। ৪.৭ উচ্চতাৰ গাড়ীখন কিছু সংশোধন কৰি নতুনকৈ সাজি উলিওৱা হৈছে। গাড়ীখনৰ বডী, ব্ৰেক, ষ্টেৰিং, টেলৰ টেংকি, এক্সিলেটৰ সকলো বাঁহৰ। প্ৰতি ঘণ্টাত ২০কিঃমিঃ বেগত চলাব পাৰে গাড়ীখন।

ইতিমধ্যে শিলপোতা, মৰাণ আৰু ডিব্ৰুগড়ত এই অভিনৱ গাড়ী পৰিভ্ৰমণ কৰিছে বহুতে। প্ৰতিলিটাৰ তেলত ১২কিঃমিঃ পৰিভ্ৰমণ কৰিব পাৰিব এইখন গাড়ীৰে। ৫ আগষ্টত আছাম বুকছ অৱ ৰেকৰ্ডে স্বীকৃতি দিছিল গাড়ীখনক। এনে ব্যতিক্ৰমী উদ্ভাৱনেৰে চমক দিছে শিল্পী ববী মাউতে।

'অভিনৱ' নামৰ এই গাড়ীখন আপুনি মৰাণৰ ফালে গ'লে বাটে-পথে দেখা পাব পাৰে। সঁচাই এইসকল গাঁৱৰ শিল্পীৰ হাতত যাদু আছে। বাঁহৰ এখন গাড়ীৰ কথা হয়তো আপুনি কল্পনাই কৰা নাছিল। কিন্তু তেওঁ সাজি উলিয়ালে। এনে শিল্পীসকলক প্ৰয়োজন আপোনাৰ উৎসাহ তথা চৰকাৰৰ পৃষ্ঠপোষকতা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in