ভাৰতক ব্ৰিটেইনে গটাই দিব নেকি অভিজিৎ অসমক? গোপনে চলিছে প্ৰস্তুতি…

ভাৰতক ব্ৰিটেইনে গটাই দিব নেকি অভিজিৎ অসমক? গোপনে চলিছে প্ৰস্তুতি…

ডিজিটেল ডেস্কঃ যিকোনো মুহূৰ্তত ভাৰতৰ হাতত ব্ৰিটেইনে গটাই দিব পাৰে একালৰ আলফা স্বাধীনৰ সভাপতি ডাঃ মুকুল হাজৰিকা ওৰফে অভিজিৎ অসমক। ভাৰত চৰকাৰৰ পৰা অভিজিৎ অসমক প্ৰত্যাৱৰ্তন কৰাৰ অনুৰোধ পোৱাৰ পাছতেই ইউ কে চৰকাৰৰ কেইবাটাও এজেন্সীয়ে লণ্ডনত বাস কৰা চিকিৎসক গৰাকীক সোধপোছ কৰিছে।

উল্লেখযোগ্য যে, কিছুদিনৰ পূৰ্বে আলফা স্বাধীনে প্ৰকাশ কৰা নতুন কমিটীত নাম নাছিল অভিজিৎ অসমৰ। কিন্তু ইয়াৰ পূৰ্বে পৰেশ বৰুৱাৰ দ্বাৰা পৰিচালিত আলফা স্বাধীনৰ সভাপতি হিচাপে মুকুল হাজৰিকাই অভিজিৎ অসমৰ নাম লৈ দায়িত্ব লৈছিল। ব্ৰিটেইনৰ নাগৰিক তথা বিশিষ্ট চিকিৎসক গৰাকীক যোৱা কেইমাহত কেইবাবাৰো সোধপোছ কৰা হৈছে বুলি জানিব পৰা গৈছে।

ইফালে, আন এক খবৰ অনুসৰি উচ্চতম ন্যায়ালয়ৰ এগৰাকী জ্যেষ্ঠ অধিবক্তাই ৰাজ্যৰ এক সংগঠনৰ সৈতে যোগাযোগ কৰিছে। অধিবক্তা গৰাকীয়ে জানিবলৈ দিয়া মতে লণ্ডনৰ মুকুল হাজৰিকাৰ অধিবক্তাই তেওঁৰ সৈতে যোগাযোগ কৰি মুকুল হাজৰিকাক ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰাৰ সন্দৰ্ভত সংগঠনটোৰ পৰা মতামত জানিব বিচাৰিছে।

অধিবক্তাগৰাকীয়ে লিখা এক পত্ৰত কোৱা হৈছে যে ইউ কে আদালতত যাতে ভাৰতৰ এই অনুৰোধৰ বিপৰীতে অভিজিৎ অসমৰ পক্ষত ওকালতি কৰিবলৈ তেওঁলোকৰ মতামতৰ প্ৰয়োজন হৈছে। সেয়েহে অভিজিৎ অসমৰ সন্দৰ্ভত আৰু সমগ্ৰ বিষয়টোক লৈ তেওঁলোকৰ দিহা পৰামৰ্শ আৰু তথ্য লণ্ডনৰ অধিবক্তাগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ বিশেষ অধিবক্তাৰ জৰিয়তে বিচাৰিছে বুলি পত্ৰখনত লিখা হৈছে।

সেই সংগঠনটোৰ বিষয়ববীয়াৰ সৈতে এই সন্দৰ্ভত যোগাযোগ কৰা হৈছে। তেনে কিবা পত্ৰ তেওঁলোকে পাইছে নেকি বুলি জানিব বিচৰাত এই সন্দৰ্ভত তেনে পত্ৰ বা বাৰ্তা পোৱা কথা অস্বীকাৰ কৰিলে সংগঠনটোৰ এজন বিষয়ববীয়াই। ইফালে, হোৱাটছএপ যোগে প্ৰেৰণ কৰা এই পত্ৰত লণ্ডনত মুকুল হাজৰিকাৰ হৈ ওকালতি কৰিব লগা অধিবক্তাজনৰ সৈতে যোগাযোগত থকা উচ্চতম ন্যায়ালয়ৰ অধিবক্তাজনৰ ফোন নম্বৰো দিয়া হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in