নলবাৰীত ‘অভিজ্ঞানম’ৰ পদক্ষেপ, সুলভ মূল্যত নীট,জে ই ই,চি ই ইৰ প্ৰশিক্ষণ কেন্দ্ৰ…

নলবাৰীত ‘অভিজ্ঞানম’ৰ পদক্ষেপ, সুলভ মূল্যত নীট,জে ই ই,চি ই ইৰ প্ৰশিক্ষণ কেন্দ্ৰ…

ডিজিটেল সংবাদ, নলবাৰী : অৰ্থনৈতিকভাবে দুখীয়া অথচ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক এন ই ই টি,জে ই ই আৰু চি ই ই পৰীক্ষাৰ বাবে সাজু কৰাবলৈ আগবাঢ়ি আহিছে 'অভিজ্ঞানম' নামৰ ৰাজহুৱা ন্যাস। ২০১৪ চনতে জন্ম হৈছিল এই ন্যাসৰ।

খ্যাতনামা চিকিৎসক ডাঃ বসন্ত কুমাৰ বৈশ্য মুখ্য ন্যাসৰক্ষী হিচাপে থকা ন্যাসটোৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ'ল সমাজৰ শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ উত্তৰণৰ বাবে কাম কৰা। সাত বছৰৰ মূৰত আজি প্ৰথমবাৰৰ বাবে নলবাৰী জিলা প্ৰেছ ক্লাবত অভিজ্ঞানমে এখন সংবাদমেলৰ আয়োজন কৰে।

সংবাদমেলত মুখ্য ন্যাসৰক্ষী ডাঃ বসন্ত কুমাৰ বৈশ্যই ন্যাসৰ শেহতীয়া পদক্ষেপৰ বিষয়ে সদৰি কৰে। তেওঁ জনোৱামতে সমাজৰ অতি দুখীয়া অথচ মেধাৱী শিক্ষাৰ্থীসকলৰ এন ই ই টি,জে ই ই আৰু চি ই ই পৰীক্ষাৰ বাবে সাজু হ'বলৈ নলবাৰী জিলাত কোনো প্ৰশিক্ষণ কেন্দ্ৰ নাই। সেয়ে ন্যাসৰ উদ্যোগত নলবাৰী চহৰৰ শান্তিপুৰত এনে এটা প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰাৰ সিদ্ধান্ত লোৱা হৈছে আৰু ইয়াৰ বাবে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তোলা হৈছে। দেওবাৰৰ সংবাদমেলতে প্ৰ পত্ৰ বিতৰণৰো শুভাৰম্ভ কৰে। নামভৰ্তি আৰু পাঠদান আগত ১০/১২ দিনৰ ভিতৰতে আৰম্ভ কৰা হ'ব বুলিও সংবাদমেলত ঘোষণা কৰে।

প্ৰথম পৰ্যায়ত বৃহত্তৰ নলবাৰী জিলাৰ ৩০ গৰাকী ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি কৰা হ'ব। ব্যয়বহুল শিক্ষা ব্যৱস্থাক সহজ কৰি তুলিবলৈ এই পদক্ষেপ লোৱাৰ কথা প্ৰকাশ কৰি উল্লেখ কৰি মুখ্য ন্যাসৰক্ষী ডাঃ বৈশ্যই কয় যে যৎসামান্য মাচুলৰ বিনিময়ত ছাত্ৰ ছাত্ৰীক এই কেন্দ্ৰত প্ৰশিক্ষণ দিয়া হ'ব। প্ৰশিক্ষণপ্ৰাপ্ত স্থানীয় বিশেষজ্ঞ ফেকাল্টিয়ে প্ৰশিক্ষণ প্ৰদান কৰিব। আগ্ৰহী শিক্ষাৰ্থীসকলক অভিজ্ঞনম ন্যাসৰ সম্পাদক দেবেশ্বৰ ডেকা(৬০০২৭৬১৬৭০) বা কেন্দ্ৰৰ দায়িত্ববাহী পবিন্দ্ৰ বেজবৰুৱা(৯৪৩৫১০৩২২৯)ৰ লগত যোগাযোগ কৰিবলৈ কোৱা হৈছে।

সংবাদমেলত মুখ্য ন্যাসৰক্ষী ডাঃ বৈশ্যই বিনয়েৰে প্ৰকাশ কৰে যে 'অভিজ্ঞানম' ন্যাসে কোনো ব্যক্তি বা অনুষ্ঠানৰ পৰা কোনোধৰণৰ দান বৰঙণি গ্ৰহণ নকৰে। আজীৱন সদস্যসকলৰ ভৰ্তি মাচুল আৰু তেওঁলোকৰ বছৰেকীয়া বৰঙণিয়েই ন্যাসৰ মূল পুঁজি। মানুহৰ সেৱাই ন্যাসৰ মূল ধৰ্ম। সংবাদমেলত ন্যাসৰ সদস্য কল্যাণ ডেকা, লক্ষী তালুকদাৰ আদিও উপস্থিত থাকে।।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in