বৃহস্পতিবাৰে নীলোৎপল দাস আৰু অভিজিত নাথ হত্যাকাণ্ডৰ গোচৰৰ শুনানি

বৃহস্পতিবাৰে নীলোৎপল দাস আৰু অভিজিত নাথ হত্যাকাণ্ডৰ গোচৰৰ শুনানি
  • বৃহস্পতিবাৰে নীলোৎপল দাস আৰু অভিজিত নাথ হত্যাকাণ্ডৰ গোচৰৰ শুনানি।
  • নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত সম্পন্ন হব এই শুনানি।
  • দুই প্ৰতিভাৱান যুৱকৰ হত্যাকাণ্ডই সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।
  • আজি আদালতে গ্ৰহণ কৰিব সেই নৃশংস হত্যাকাণ্ডৰ শুনানি।
  • ইয়াৰ পূৰ্বে ডিফু আদালতে গ্ৰহণ কৰিছিল এই নৃশংস হত্যাকাণ্ডৰ গোচৰৰ প্ৰথমটো শুনানি।
  • তাৰ পাছতে ডিফু আদালতৰ পৰা নগাঁও আদালতলৈ হস্তান্তৰ কৰা হৈছিল এই গোচৰ।
  • ইতিমধ্যে শিশুগৃহলৈ প্ৰেৰণ কৰা হৈছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৪৮জন অভিযুক্তৰ নাবালক অভিযুক্তজনক।
  • সমগ্ৰ দেশ কঁপাই যোৱা নৃশংস হত্যাকাণ্ডৰ গোচৰ হত্যাকাণ্ডৰ ১ ছেপ্টেম্বৰত ডিফু আদালতত আৰক্ষীয়ে দাখিল কৰিছিল ৮০০ পৃষ্ঠাৰ চাৰ্জশ্বীট।
  • ৮ জুনত কাৰ্বি আংলঙৰ ডকমকাত সংঘটিত হৈছিল এই কৰুণ ঘটনা।
  • গুৱাহাটীৰ দুই যুৱক অভিজিৎ নাথ আৰু নীলোৎপল দাসক সোপাধৰা সজাই নৃশংসভাৱে হত্যা কৰিছিল উন্মাদ ঘাতকৰ দলে। ‍
  • ঘটনা সংঘটিত হোৱাৰ পাছতে দোষীক কঠোৰ শাস্তি দিবলৈ ৰাজ্যৰ লগতে সমগ্র দেশজুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in