নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অভয়াপুৰীত বঙাইগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ, VIDEO

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অভয়াপুৰীত বঙাইগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ, VIDEO

ডিজিটেল সংবাদ, সৃজনগ্ৰামঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সোমবাৰে বঙাইগাঁও জিলাৰ অভয়াপুৰীত বঙাইগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ যিকোনো মূল্যৰ বিনিময়ত এই বিধেয়ক গৃহীত হ'বলৈ দিয়া নহ'ব বুলি প্ৰতিবাদী জনতাই হুংকাৰ দিয়ে।

প্ৰতিবাদকাৰী সকলে প্ৰতিবাদী সমদলেৰে বিজেপি গ' বেক, অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল হুচিয়াৰ, নৰেন্দ্ৰ মোডী হুচিয়াৰ, অসম চৰকাৰ মিছলীয়া আদি বিভিন্ন শ্লোগানেৰে ৰাজপথৰ পৰিৱেশ উত্তাল কৰি তোলে৷ অসম আৰু অসমীয়াৰ প্ৰতি ভাবুকি স্বৰূপ এই বিধেয়কখন বাতিল কৰিবলৈ প্ৰতিবাদী গণ আন্দোলন গঢ়ি তোলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in