আৰক্ষীৰ খেদাত অপহৰণকাৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত, থিতাতে নিহত এজন

আৰক্ষীৰ খেদাত অপহৰণকাৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত, থিতাতে নিহত এজন

ডিজিটেল সংবাদ, অভয়াপুৰীঃ অভয়াপুৰীৰ নয়াগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে নিশা ১০মান বজাত সংঘটিত হয় এক ৰহস্যজনক পথ দুৰ্ঘটনা। দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন তিনিজন গুৰুতৰভাৱে আহত হয় ৷ জানিব পৰা মতে, এখন এএছ০১-কিউ-১৩৪৭ নম্বৰ প্লেট থকা হুণ্ডাই গাড়ীক এক বিশেষ সূত্ৰৰ পম খেদি গোৱালপাৰা আৰক্ষীয়ে গোৱালপাৰাৰ পৰা খেদি আহিছিল৷

আৰক্ষীয়ে পিছ লোৱা অনুমান কৰি তীব্ৰ বেগত বঙাইগাঁও দিশেৰে পলায়ন কৰে৷ কিন্তু নয়াগাঁৱ শিৱমন্দিৰৰ তাতে থকা এটা কেঁকুৰী ঘূৰাব নোৱাৰি ৰাস্তাত থকা প্ৰকাণ্ড মাটিৰ দ'ম এটাত খুন্দা মাৰি প্ৰায় ৩০ ফুট দূৰলৈ গাড়ীখন চিটিকি যায়৷ ফলত ঘটনাস্থলীতে এজনৰ মৃত্যু হয়৷ ইফালে, নিহত লোকজনৰ নাম আয়নুল হ'ক বুলি জানিব পৰা গৈছে৷

আনহাতে, গুৰুতৰভাৱে আহত হয় মুছা আলী, মুক্তাৰ আলী আৰু বজলুৰ আলী৷ ইপিনে এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ৰহস্যৰ৷ দুৰ্ঘটনাগ্ৰস্ত বাহনখনে নৰনাৰায়ণ সেতুত পঞ্চৰত্ন আৰক্ষী আৰু যোগীঘোপাত যোগীঘোপা আৰক্ষীৰ বাধা নামানি তীব্ৰবেগত বঙাইগাঁৱৰ দিশেৰে পলায়নৰ চেষ্টা কৰিছিল৷ বাহনখনত মহিলাৰ বেগ তথা অলংকাৰ উদ্ধাৰ কৰা ঘটনাই সৃষ্টি কৰিছে আন এক ৰহস্য৷ কিয়নো বাহনখনত নাছিল কোনো মহিলা আৰোহী৷ এয়া ডকাইতৰ বাহন নে অপহৰণকাৰীৰ বাহন সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই৷

ইফালে, এক গোপন সূত্ৰৰ পমখেদি জানিব পৰা মতে, গোৱালপাৰাৰ আগিয়াৰ টকৰপাৰাত এখন বাহনে এহাল মাক-জীয়েকক অপহৰণৰ চেষ্টা চলাইছিল যদিও চিঞৰ-বাখৰ কৰাত বাহনখন বঙাইগাঁও দিশত পলায়ন কৰিছিল৷ অপহৰণৰ চেষ্টা চলোৱা দলটোও হ'ব পাৰে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in