বঞ্চিত হ’ল পিতৃৰ মৰমৰ পৰা! বিদ্যালয় চৌহদত আত্মহত্যা নৱম শ্ৰেণীৰ ছাত্ৰীৰ, VIDEO

বঞ্চিত হ’ল পিতৃৰ মৰমৰ পৰা! বিদ্যালয় চৌহদত আত্মহত্যা নৱম শ্ৰেণীৰ ছাত্ৰীৰ, VIDEO

ডিজিটেল সংবাদ, বঙাইগাঁওঃ প্ৰতিজন সন্তানেই নিজৰ মাক-দেউতাকৰ পৰা বিচাৰে মৰম৷ বিচাৰে এষাৰি মৰমৰ মাত৷ কিন্তু এই মৰম বা মাত এষাৰি বিচাৰি যোৱাৰ পিছত যেতিয়া পিতৃৰ পৰা প্ৰতাৰিত হয় তেতিয়া হয়তো জীৱনৰ চৰম পন্থা ল'বলৈও সন্তানে কুণ্ঠাবোধ নকৰে৷ এনে এক শোকাৱহ আৰু মৰ্মান্তিক ঘটনা সংঘটিত হ'ল মঙলবাৰে নিশা অভয়াপুৰীৰ ইকৰাবাৰীত।

পিতৃৰ পৰা মৰম বিচাৰি নোপোৱা এজনী দূৰ্ভগীয়া ছোৱালীয়ে আত্মহত্যা কৰিলে এখন বিদ্যালয়ৰ বাৰান্দাত৷ পিতৃয়ে দ্বিতীয় বিবাহ কৰোৱাৰ পিচত ঘৰৰ পৰা উলিয়াই দিছিল আত্মহত্যা কৰা বৰ্মন উপাধিৰ যুৱতীগৰাকীক। অতি দুখেৰে জীৱন কটোৱা এই যুৱতীগৰাকীয়ে আইতাকৰ সৈতে কটাইছিল দুৰ্বিসহ জীৱন।

পিতৃৰ ঘৰলৈ প্ৰায়েই যাবলৈ চেষ্টা কৰে যদিও পিতৃয়ে মাৰপিট কৰি ঘৰৰ পৰা খেদি দিয়ে। আনদিনাৰ দৰে মঙলবাৰেও পিতৃৰ ঘৰলৈ যাবলৈ চেষ্টা কৰিছিল যদিও পিতৃয়ে খেদি দিছিল৷ মনৰ দুখত যুৱতীগৰাকীয়ে কাষতে থকা এখন প্ৰাথমিক বিদ্যালয়ৰ বাৰান্দাত চীপ লৈ আত্মহত্যা কৰে।

পিতৃৰ মৰমৰ পৰা বঞ্চিত হৈয়ে আত্মহত্যা কৰা বুলি মন্তব্য কৰিছে গাওঁবাসীয়ে৷ ইফালে মৃতদেহৰ শৰীৰত আঘাতৰ চিনক লৈ সৃষ্টি হৈছে ৰহস্যৰ৷ সোঁভৰিত আঘাতৰ চিন প্ৰত্যক্ষ কৰে গাঁওবাসীয়ে৷ এই মৰ্মান্তিক ঘটনাই শোকৰ ছা পেলাইছে সমগ্ৰ অভয়াপুৰীত৷ ছাত্ৰীগৰাকী স্থানীয় বীণাপাণি হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in