অভয়াপুৰীত নিৰ্মালী ট্ৰফী, চেম্পিয়ন ৰাভা হাছং

অভয়াপুৰীত নিৰ্মালী ট্ৰফী, চেম্পিয়ন ৰাভা হাছং

ডিজিটেল সংবাদ, বঙাইগাঁওঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীত আয়োজিত তৃতীয় বাৰ্ষিক নিৰ্মালী ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে দূধনৈৰ ৰাভা হাছং ক্ৰীড়া সন্থাই৷ ৰবিবাৰে অনুষ্ঠিত ফাইনেল খেলত ৰাভা হাছং ক্ৰীড়া সন্থাই ধুবুৰীৰ চৈবাৰী ফুটবল একাদশক ৪-০ গলৰ ব্যৱধানত পৰাস্ত কৰে।

ফাইনেল খেলত উপস্থিত থাকে বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল, অষ্টম অসম আৰক্ষী বাহিনীৰ অধিনায়ক অজাগৰণ বসুমতাৰী, উত্তৰ শালমাৰা মহকুমা আৰক্ষী বিষয়া ৰুদ্ৰ কলিতা, প্ৰাঃ বিধায়ক তথা অগপ নেতা ভূপেন ৰায়।

প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে ৰাভা হাছঙৰ জেকি চাংমাই আৰু শ্ৰেষ্ঠ গলৰক্ষকৰ বঁটা লাভ কৰে চৈবাৰীৰ অমল সূত্ৰধৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in