অভয়াপুৰী সাৰ্বজনীন দুৰ্গা পূজাৰ স্মৃতিগ্ৰন্থ উন্মোচন

অভয়াপুৰী সাৰ্বজনীন দুৰ্গা পূজাৰ স্মৃতিগ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ, অভয়াপুৰীঃ কাৰিকৰী চমক বা মেলা আয়োজনতেই ব্যস্ত থকা নাই অভয়াপুৰী সাৰ্বজনীন দুৰ্গা পূজা কমিটি৷ প্ৰতিবছৰে তেওঁলোকে প্ৰকাশ কৰি আহিছে স্মৃতিগ্ৰন্থও৷ এইবাৰো ব্যতিক্ৰম নহ'ল পূজা কমিটীখন৷

অভয়াপুৰী সাৰ্বজনীন দুৰ্গা পূজা উপলক্ষে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থখন বুধবাৰে নিশা মন্দিৰৰ স্থায়ী কাৰ্যালয়ত উন্মোচন কৰে মৃদুল কুমাৰ দাসে৷ অনুষ্ঠানত অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষা মীনাকুমাৰী মণ্ডল, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক কামাখ্যা প্ৰসাদ ৰায়, দুৰ্গা পূজাৰ স্মৃতিগ্ৰন্থৰ প্ৰাক্তন সম্পাদক বিক্ৰম ৰঞ্জন ৰয়ো উপস্থিত থাকে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in