দুৰ্গা পূজাৰ মাজতে অভয়াপুৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

দুৰ্গা পূজাৰ মাজতে অভয়াপুৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

ডিজিটেল সংবাদ, অভয়াপুৰীঃ দুৰ্গা পূজাৰ মাজতেই এক ৰহস্যজনক ঘটনাই কপাঁই গ'ল অভয়াপুৰী৷ এজন যুৱকৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰৰ ঘটনাই ম্লান পেলালে পূজাৰ আনন্দ৷

ঘটনাটো অভয়াপুৰীৰ বাতাবাৰী গাঁওত৷ যুৱকজনৰ নাম সঞ্জীৱ দাস বুলি জানিব পৰা গৈছে৷ এডাল লিচু গছৰ তলত পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহটো৷ গছডালত চিপজৰী এডালো উদ্ধাৰ কৰা হয়৷ পৰিয়ালৰ লোকে এয়া হত্যাকাণ্ড বুলি দাবী কৰিছে৷

আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে এয়া আত্মহত্যা নে হত্যাকাণ্ড সেয়া পোহৰলৈ আহিব৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in