যেনে কুকুৰ তেনে টাঙোন! ন’ কাৰ পাছ, ন’ এন্ট্ৰি কলেজত…

যেনে কুকুৰ তেনে টাঙোন! ন’ কাৰ পাছ, ন’ এন্ট্ৰি কলেজত…

ডিজিটেল ডেস্ক, অভয়াপুৰীঃ অসম নহয়, বিশ্বতেই চাগৈ নাই এনে নিয়ম! নামনি অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ বঙাইগাঁৱৰ অভয়াপুৰী মহাবিদ্যালয়ৰ অধ্যক্ষই প্ৰবৰ্তন কৰিছে এক নতুন নিয়ম। এতিয়াৰে পৰা কলেজখনত প্ৰবেশৰ বাবে গাড়ী বা বাহন অনা ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীয়ে ল'ব লাগিব 'বাহনৰ প্ৰবেশপত্ৰ'।

ছাত্ৰ-ছাত্ৰীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে মহাবিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰৱৰ্তন কৰিলে Vehicle Entry Pass অৰ্থাৎ বাহন প্ৰৱেশ পত্ৰৰ৷ এতিয়াৰে পৰা মহাবিদ্যালয় কৰ্তৃপক্ষই দিয়া আবেদন পত্ৰৰ লগত বাহনৰ যাৱতীয় কাগজ পাতি জমা দিয়াৰ পিছতহে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে অভয়াপুৰী মহাবিদ্যালয় চৌহদত বাহন প্ৰৱেশ কৰাৰ 'প্ৰৱেশ পত্ৰ' লাভ কৰিব৷

উল্লেখযোগ্য যে, অসমত শেহতীয়াভাৱে বৃদ্ধি পাইছে পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত পতিত হোৱা বেছিভাগেই কিশোৰ৷ অনুজ্ঞাপত্ৰহীনভাৱে বাহন চলাই দুৰ্ঘটনা সংঘটিত কৰে তেওঁলোকে৷ সেয়ে এতিয়াৰেপৰা বাহনৰ চালনৰ অনুজ্ঞাপত্ৰ নথকা কোনো ছাত্ৰ-ছাত্ৰীয়ে অভয়াপুৰী মহাবিদ্যালয়ত নিব নোৱাৰিব দুই চকীয়া বা চাৰিচকীয়া বাহন৷

অভয়াপুৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সদানন্দ নাথে লোৱা এই সিদ্ধান্তক আদৰণি জনাইছে সকলোৱে। এয়া এক যুগান্তকাৰী সিদ্ধান্ত বুলি অভিহিত কৰিছে সকলোৱে৷ লগতে এই নিয়ম কঠোৰভাৱে পালন কৰিবলৈ আহ্বান জনাইছে৷

ইপিনে, মহাবিদ্যালয়ৰ এই নিয়মে বিপাঙত পেলাইছে বিনামূলীয়া নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলক৷ কিয়নো চৰকাৰৰ বিনামূলীয়া নামভৰ্তি আঁচনিৰ জৰিয়তে একাংশ ধনী ছাত্ৰ-ছাত্ৰীয়ে ভুৱা আয়ৰ প্ৰমাণ-পত্ৰ উলিয়াই বিনামূলীয়াকৈ নামভৰ্তি কৰিছিল৷ কিন্তু সেইসকল ছাত্ৰ-ছাত্ৰীয়ে এতিয়া বাহনৰ কাগজপাতি দিব পৰা নাই জমা৷ কিয়নো জমা দিলেই কঁটা যাব তেওঁলোকৰ বিনামূলীয়া নামভৰ্তি৷ সেয়ে ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়ত আনিব পৰা নাই বাহন৷

আনহাতে, চৰকাৰক ফাঁকি দি ভুৱাভাৱে বিনামূলীয়া নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বাবে অভয়াপুৰী মহাবিদ্যালয়ৰ অধ্যক্ষক দাবী জনাইছে সচেতন মহলে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in