বজৰং দলৰ সদস্যৰ ছুৰিকাঘাটৰ বলি অভয়াপুৰী মহাবিদ্যালয়ৰ ছাত্ৰ…

বজৰং দলৰ সদস্যৰ ছুৰিকাঘাটৰ বলি অভয়াপুৰী মহাবিদ্যালয়ৰ ছাত্ৰ…

ডিজিটেল সংবাদ, বঙাইগাঁওঃ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হ'ল অভয়াপুৰী মহাবিদ্যালয়ত ৷ নৱাগত আদৰণি সভাৰ সাংস্কৃতিক অনুষ্ঠান চলি থকাৰ মাজতেই উদণ্ড বজৰং দলৰ সদস্যৰ চুৰিকাঘাটৰ বলি হ'ল দুগৰাকীকৈ ছাত্ৰ৷ আহত ছাত্ৰ দুগৰাকী ক্ৰমে- অংকুৰজ্যোতি ৰায় আৰু প্ৰণৱ ৰায়৷

আনহাতে আঘাত পোৱাৰ ভাও জুৰি চিকিৎসালয়ত ভৰ্তি হৈ থকা দুজনকৈ বজৰং দলৰ সদস্যক কৰায়ত্ত কৰে আৰক্ষীয়ে ৷ লগতে পলায়ন কৰা আন এজন বজৰং দলৰ সদস্যক অভয়াপুৰী আৰক্ষীয়ে কৰায়ত্ত কৰে ৷ উল্লেখ্য যে, ঘটনাৰ মূল নায়ক শুভংকৰ ৰয়ে আঘাত পোৱা ভাও জুৰি অভয়াপুৰী অসামৰিক চিকাৎসালয়ত ভৰ্তি হৈ আছিল যদিও একাংশ ছাত্ৰই চিনিব পাৰি উত্তম-মধ্যম সোধাই আৰক্ষীক গতাই দিয়ে ৷

আন এজন অপৰাধী প্ৰণৱ কৰ্মকাৰো আঘাত পোৱাৰ ভাও জুৰি চিকিৎসালয়ত ভৰ্তি হৈছিল যদিও আৰক্ষীয়ে কৌশলেৰে কৰায়ত্ত কৰে ৷ এজন পলাতক আচামী দীপক সৰকাৰক কৰায়ত্ত কৰে আৰক্ষীয়ে ৷ ইফালে, অভয়াপুৰী মহাবিদ্যালয়ৰ অধ্যক্ষ সদানন্দ নাথে অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ তুলিছে একাংশ ছাত্ৰই ৷

গেট খুলি দি অপৰাধীক পলায়নৰ বাবে সুবিধা কৰি দিছিল অধ্যক্ষ গৰাকীয়ে ৷ আনহাতে এজাহাৰৰ পৰিৱৰ্তে নামমাত্ৰ এখন অভিযোগ পত্ৰ আৰক্ষীক দিয়া ঘটনাই অধ্যক্ষগৰাকীৰ ৰহস্যজনক ভূমিকাৰ প্ৰমাণ দিয়ে ৷ ইপিনে অধ্যক্ষগৰাকীৰ পদত্যাগৰ দাবী জনাইছে কোচ-ৰাজবংশী যুৱ সন্মীলনীয়ে ৷ মহাবিদ্যালয় চৌহদত ছাত্ৰ-ছাত্ৰীক নিৰাপত্তা দিয়াত ব্যৰ্থ অধ্যক্ষগৰাকীয়ে অনতিপলমে পদত্যাগৰ দাবী জনাইছে সংগঠনটোৰ সভাপতি ত্ৰৈলোক্য ৰায়ে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in