অভয়াপুৰী মহাবিদ্যালয়ত “বিষ্ণু ৰাভা দিৱস” পালন

অভয়াপুৰী মহাবিদ্যালয়ত “বিষ্ণু ৰাভা দিৱস” পালন

ডিজিটেল সংবাদ, বঙাইগাঁওঃ অভয়াপুৰী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা আৰু সাংস্কৃতিক বিভাগৰ সহযোগত বৃহস্পতিবাৰে দিনযোৰা কাৰ্যসূচীৰে "বিষ্ণু ৰাভা দিৱস" পালন কৰা হয়৷ ৰাতিপুৱা বিষ্ণু ৰাভাৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্জ্বলন কৰে মহাবিদ্যালয়ৰ উপাধ্যক্ষা দিপাঞ্জলী মৰলে৷ মাল্যৰ্পণ কৰে বিশিষ্ট শিল্পী ক্ষিতীশ দাসে৷ বিষ্ণু ৰাভাৰ জীৱন সম্পৰ্কে আলোকপাত কৰে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° জগত কলিতা, প্ৰাঃ অধ্যাপিকা ড° মৰমী বৰঠাকুৰ তালুকদাৰ, অধ্যাপক ৰুকুনুদ্দিন আহমেদ, ড° নুৰ ৰহমান ভূঞা আৰু সীমান্ত কলিতা আৰু ছাত্ৰী নিকিতা চক্ৰৱৰ্তীয়ে৷

ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিষ্ণু ৰাভা বিষয়ক কুইজ প্ৰতিযোগিতা পৰিচলনা কৰে অধ্যাপক ড° ৰাজেশ তিৱাৰী আৰু ছাত্ৰ বিজিত বেনাৰ্জীয়ে৷ অনুষ্ঠানত অধ্যাপিকা সুৰিতী ব্ৰহ্মচৌধুৰী আৰু ছাত্ৰী দিপামণি সিংহই আবৃত্তি, মণিকংকনা কলিতাই নৃত্য, ভাৰ্গৱজ্যোতি দাস, উপাসনা নাথ, মহাদেৱ বৰ্মনে বিষ্ণু ৰাভাৰ গীত পৰিৱেশন কৰে৷ আনহাতে বিষ্ণু ৰাভাৰ গীত বাঁহীৰে পৰিৱেশন কৰে উৎপল দাসে৷ লগতে ভায়োলিন বাদন কৰে মহাবিদ্যালয়ৰ অধ্যাপক জয়ন্ত বৰাই৷ আনহাতে শিক্ষা বিভাগৰ ছাত্ৰীসকলে এখন একাংকিকা নাট পৰিৱেশন কৰে৷ সমগ্ৰ অনুষ্ঠানটি পৰিচালনা কৰে সহকাৰী প্ৰবক্তা বিক্ৰম ৰঞ্জন ৰয়ে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in