অভয়াপুৰী মহাবিদ্যালয়ত বিশ্ব এইডছ দিৱস উদযাপন

অভয়াপুৰী মহাবিদ্যালয়ত বিশ্ব এইডছ দিৱস উদযাপন

ডিজিটেল সংবাদ, অভয়াপুৰীঃ অভয়াপুৰী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা গোটৰ উদ্যোগত শনিবাৰে "বিশ্ব এইডছ দিৱস" উপলক্ষে এখনি সজাগতা সভাৰ লগতে অভয়াপুৰী চহৰৰ মাজেৰে এক বাইক ৰেলী উলিওৱা হয়৷

এইডছ ৰোগৰ ভয়াৱহতা আৰু সতৰ্কতা সম্পৰ্কে বক্তব্য ৰাখে ৰাষ্ট্ৰীয় সেৱা যোজনাৰ কাৰ্যক্ৰম বিষয়া জয়ন্ত বৰাই৷ এইডছ ৰোগৰ পৰা সাৱধানে থকাৰ বিষয়ে গৌৰৱ ৰাজবংশী আৰু অনুপজ্যোতি দাসে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰায়। তাৰপিছতে "ইউনাইটেড বাইকাৰ্ছ গ্ৰুপ অৱ আছাম"ৰ সদস্যসকলৰ সহযোগত এইডছ ৰোগৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবে অভয়াপুৰী চহৰৰ মাজেৰে এক বাইক ৰেলীও উলিওৱা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in