অভয়াপুৰী মহাবিদ্যালয়ত আছুৰ তীব্ৰ প্ৰতিবাদ…

অভয়াপুৰী মহাবিদ্যালয়ত আছুৰ তীব্ৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ, বঙাইগাঁওঃ ৭ ছেপ্তেম্বৰত অভয়াপুৰী মহাবিদ্যালয়ত আদৰণি সভাৰ সাংস্কৃতিক অনুষ্ঠান চলি থকাৰ মাজতেই দুৰ্বৃত্তই মহাবিদ্যালয়ৰ দুগৰাকীকৈ ছাত্ৰক ছুৰিকাঘাত কৰি আঘাতপ্ৰাপ্ত কৰা ঘটনাৰ উত্তেজনা আজিও মাৰ যোৱা নাই৷ ইতিমধ্যে অভয়াপুৰী আৰক্ষীয়ে ৩ টা দুৰ্বৃত্তক কৰায়ত্ত কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

ইফালে দুৰ্বৃত্ত তিনিজনৰ দুগৰাকী ছাত্ৰ মহাবিদ্যালয়খনৰ ছাত্ৰ হোৱাৰ হেতুকে দুয়োগৰাকী ছাত্ৰক বহিষ্কাৰ কৰাৰ দাবী জনাইছে অভয়াপুৰী আঞ্চলিক ছাত্ৰ সন্থাই ৷ মঙলবাৰে দোষীক উচিত শাস্তি আৰু ছাত্ৰ-ছাত্ৰীৰ নিৰাপত্তা দিবৰ বাবে পুৱা ১১ বজাৰ পৰা ১ বজালৈ ধৰ্মঘট পালন কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷

আনহাতে, ঘটনাৰ মূল অভিযুক্ত সমীৰ মণ্ডল নামৰ দুৰ্বৃত্তজন এতিয়াও মুকলিভাৱে ঘূৰি থকা বুলি জানিব পৰা গৈছে৷ সমীৰ মণ্ডলক ১২ ঘন্টাৰ ভিতৰত কৰায়ত্ত কৰিবৰ বাবে আৰক্ষীৰ ওচৰত দাবী জনাইছে আছুৱে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in