বানাক্ৰান্তক সহায়ৰ উদ্দেশ্যে অভয়াপুৰীত ওলাই আহিল যুৱ প্ৰজন্ম…

বানাক্ৰান্তক সহায়ৰ উদ্দেশ্যে অভয়াপুৰীত ওলাই আহিল যুৱ প্ৰজন্ম…

ডিজিটেল সংবাদ, বঙাইগাঁওঃ ৰাজ্যত এতিয়া বানৰ ভয়ংকৰ ৰূপ৷ বিভিন্ন স্থানত জলবন্দী হৈ আছে হাজাৰ হাজাৰ লোক ৷ বহু ঠাইত পতা হৈছে আশ্ৰয় শিবিৰ, য'ত আশ্ৰয় লৈছে সহস্ৰাধিক বানাক্ৰান্তই ৷ চৰকাৰে সাহাৰ্য দিছে যদিও সকলো ঠাইতে সেয়া পোৱা নাই ৷

তাৰমাজতে বঙাইগাঁৱৰ অভয়াপুৰীত বানাক্ৰান্তৰ সহায়ৰ বাবে শুকুৰবাৰে ওলাই আহিল একাংশ শিক্ষিত যুৱক ৷ হাতে হাতে দানপাত্ৰ লৈ "মানুহে মানুহৰ বাবে" গীতৰ কলী আওৰাই সদাব্যস্ত তুলুঙীয়া টাৰ্ণিঙত সংগ্ৰহ কৰিলে ধন৷ তদুপৰি বানাক্ৰান্তৰ বাবে সংগ্ৰহ কৰিলে খোৱাপানীৰ বটল তথা শিশু খাদ্য ৷

যিসময়ত যুৱ প্ৰজন্মৰ কাৰ্যক লৈ বিভিন্ন প্ৰশ্নৰ উদ্বেক হৈছে তেনে সময়তে অভয়াপুৰীৰ এইসকল শিক্ষিত যুৱপ্ৰজন্মই দেখুৱালে এক আদৰ্শ ৷ অকল অভয়াপুৰীৰে নহয়, কাকৈজানা, তুলুঙীয়া, চোকাপাৰা, খগৰপুৰৰ একাংশ শিক্ষিত যুৱকেও এই কাৰ্যত অংশ লয় ৷

এইযুৱকসকলে শনিবাৰে অভয়াপুৰী মহাবিদ্যালয়ৰ সন্মুখত বানাক্ৰান্ত সকলৰ বাবে সাহাৰ্য সংগ্ৰহ কৰিব৷ কোনো ইচ্ছুক ব্যক্তিয়ে বানাক্ৰান্তক সহায় কৰিব বিচাৰিলে পুৱা ১০ বজাত মহাবিদ্যালয়খনৰ সন্মুখত আহিবলৈ অনুৰোধ জনাইছে যুৱকসকলে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in