সৰস্বতী পূজাৰ উলহ-মালহৰ মাজতেই অভয়াপুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

সৰস্বতী পূজাৰ উলহ-মালহৰ মাজতেই অভয়াপুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

ডিজিটেল সংবাদ, বঙাইগাঁওঃ ৰাজ্যত সৰস্বতী পূজাৰ উলহ মালহৰ মাজতেই দেওবাৰে সন্ধিয়া বঙাইগাওঁৰ উত্তৰ শালমাৰা চক'ত সংঘটিত এক পথ দূৰ্ঘটনাত এজন ছাত্ৰ নিহত হয়। স্কুটি আৰু ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষত ছাত্ৰজনৰ মৃত্যু হয়৷ নিহত ছাত্ৰজনৰ নাম ভগীৰথ ৰয়(১৬)৷

আনহাতে এই ঘটনাত আন এজন ছাত্ৰ গুৰুতৰভাৱে আহত হয়৷ আহত ছাত্ৰজনৰ নাম প্ৰসাদু ৰায়৷ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ এএছ১৭-বি-৭৮৩৯৷ আনহাতে ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীৰ পৰা ৰহস্যজনকভাৱে নোহোৱা হয় স্কুটীখন৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in