দৰিদ্ৰতা হেঙাৰ নহয়, ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিছে অভয়াপুৰী মহাবিদ্যালয়ৰ ২ ছাত্ৰ

দৰিদ্ৰতা হেঙাৰ নহয়, ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিছে অভয়াপুৰী মহাবিদ্যালয়ৰ ২ ছাত্ৰ

ডিজিটেল সংবাদ, অভয়াপুৰীঃ দৰিদ্ৰতা কেতিয়াও প্ৰতিভা বিকাশৰ হেঙাৰ হ'ব নোৱাৰে৷ এই কথাই যেন প্ৰমাণ কৰিছে অভয়াপুৰী মহাবিদ্যালয়ৰ দুই ছাত্ৰ তিলক আৰু মহেনে৷ অভয়াপুৰী মহাবিদ্যালয়ৰ দুই মেধাৱী ছাত্ৰ তিলক সূত্ৰধৰ আৰু মহেন চন্দ্ৰ ৰায়ে নিজৰ অদম্য হেঁপাহৰ বলত দৰিদ্ৰতা নেওচি উজ্বলিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত৷

উত্তৰ প্ৰদেশত সদ্য সমাপ্ত ফাৰ্ষ্ট স্কুল গেমছ চেম্পিয়নশ্বীপ ২০১৮-১৯ত তিলক সূত্ৰধৰে অসমক প্ৰতিনিধিত্ব কৰি ২০০ মিটাৰ দৌৰত সোণ আৰু মহেন চন্দ্ৰ ৰায়ে ১০০ মিটাৰ দৌৰত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ আনহাতে, মহেন চন্দ্ৰ ৰায়ে গুৱাহাটীত অনুষ্ঠিত এক আন্তঃৰাষ্ট্ৰীয় কিক বক্সিং প্ৰতিযোগিতাত ৫৫ কিলোগ্ৰাম শাখাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷

ইফালে ২০১৯ৰ জানুৱাৰী মাহত গোৱাত অনুষ্ঠিত হ'বলগা বিশ্ব উশ্বু প্ৰতিযোগিতাত মহেনে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব৷ তিলক আৰু মহেন দুয়োৰে পিতৃ খেতিয়ক৷ তিলক সূত্ৰধৰৰ ঘৰ খগৰপুৰত আনহাতে মহেন চন্দ্ৰ ৰায়ৰ ঘৰ ছিপনছিলাত৷ স্বাভাৱিকতে দুয়োৰে সাফল্যত উৎফুল্লিত হৈ পৰিছে অভয়াপুৰীৰ লগতে সমগ্ৰ বঙাইগাঁওবাসীয়ে৷

দৰিদ্ৰতা নেওচি দুয়ো একাগ্ৰতাৰ বলত সফল হোৱাত দুয়ো হৈ পৰিছে আনৰ বাবে অনুকৰণীয়৷ আনহাতে ২০১৯ৰ জানুৱাৰীত গোৱাত অনুষ্ঠিত হ'বলগা উশ্বু প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ খেলিব লগা মহেন চন্দ্ৰ ৰায়। মহেনক আৰ্থিক সহায়ৰ বাবে আহ্বান জনাইছে অভয়াপুৰীৰ সাহিত্য-সংস্কৃতিমূলক অনুষ্ঠান "শুক্লধ্বজে"৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in