অভয়াপুৰীত স্বাধীনতা দিৱস উদযাপন

অভয়াপুৰীত স্বাধীনতা দিৱস উদযাপন

ডিজিটেল সংবাদ, অভয়াপুৰীঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীতো উলহ-মালহেৰে উদযাপন কৰা হয় ৭২তম স্বাধীনতা দিৱস৷

অভয়াপুৰীৰ গান্ধী ময়দানত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত পতাকা উত্তোলন কৰে উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি মেঘনিধি দাহালে৷

লগতে মহকুমাধিপতিগৰাকীয়ে স্বাধীনতা দিৱস উপলক্ষে প্ৰদৰ্শন কৰা কুচকাৱাজৰ অভিবাদনো গ্ৰহণ কৰে৷ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰা হয়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in