জিএনআৰচিত চিকিৎসাধীন বাওঁপন্থী নেতা-বিশিষ্ট লেখক অৱণী বৰঠাকুৰ…

জিএনআৰচিত চিকিৎসাধীন বাওঁপন্থী নেতা-বিশিষ্ট লেখক অৱণী বৰঠাকুৰ…

  • বাওঁপন্থী নেতা তথা বিশিষ্ট লেখক অৱণী বৰঠাকুৰ গুৰুতৰভাৱে অসুস্থ হৈ জিএনআৰচিত চিকিৎসাধীন।
  • ৯২ বছৰীয়া বৰঠাকুৰে কেইদিনমানৰ পূৰ্বে মাটিত ঢলি পৰাৰ ফলত মূৰৰ পিছৰ অংশত আঘাতপ্ৰাপ্ত হৈছিল।
  • প্ৰথম অৱস্থাত ঘৰতে তেওঁ চিকিৎসাধীন হৈ আছিল।
  • দেওবাৰৰ পৰা স্বাস্থ্য অধিক অৱনতি ঘটাৰ বাবে জিএনআৰচিত তেওঁক ভৰ্তি কৰা হয়।
  • চিকিৎসকৰ মতে তেওঁৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ যদিও, আৰোগ্য হৈ উঠিবলৈ তেওঁক কিছুদিনৰ প্ৰয়োজন হ'ব।
  • উল্লেখ্য যে, নিউ গুৱাহাটীৰ নিবাসী অৱণী বৰঠাকুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰৰ পিতৃ।
  • জ্যেষ্ঠ স্নায়ু ৰোগ বিশেষজ্ঞ ডাঃ নৱনীল বৰুৱাৰ তত্বাৱধানত চিকিৎসাধীন অৱণী বৰঠাকুৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in