বৃহস্পতিবাৰে জিলাই জিলাই আছুৰ ‘ৰণশিঙা’ শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী, গুৱাহাটীত ভাগ ল’ব জুবিন গাৰ্গে

বৃহস্পতিবাৰে জিলাই জিলাই আছুৰ ‘ৰণশিঙা’ শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী, গুৱাহাটীত ভাগ ল’ব জুবিন গাৰ্গে

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত প্ৰতিবাদ। বৃহস্পতিবাৰে ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰিব 'ৰণশিঙা' শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিখন জিলাতে সংগঠনটোৱে সাব্যস্ত কৰিব প্ৰতিবাদ। শিল্পী সমাজেও এই প্ৰতিবাদত অংশ ল'ব। উল্লেখ্য যে, গুৱাহাটীতো আছুৱে প্ৰতিবাদ সাব্যস্ত কৰিব।

মহানগৰীৰ গুৱাহাটী ক্লাবত আছু আৰু শিল্পী সমাজে সাব্যস্ত কৰিব প্ৰতিবাদ। লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিৰ সমুখত হ'ব লগা এই প্ৰতিবাদত জুবিন গাৰ্গেও অংশ ল'ব। থলুৱা বাদ্য হাতত লৈ সকলো লোকে প্ৰতিবাদ সাব্যস্ত কৰিব প্ৰতিবাদ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in