দৰঙৰ ৭ তাকৈ শ্বহীদ ভৱন কোভিড সেৱাৰ বাবে ছাত্ৰ সন্থাই প্ৰদান কৰে জিলা প্ৰশাসনক…

দৰঙৰ ৭ তাকৈ শ্বহীদ ভৱন কোভিড সেৱাৰ বাবে ছাত্ৰ সন্থাই প্ৰদান কৰে জিলা প্ৰশাসনক…

ডিজিটেল সংবাদ,‌মঙলদৈ : সদৌ দৰং জিলা ছাত্ৰ সন্থাই শনিবাৰে দৰং জিলা প্ৰশাসনক দৰঙৰ ৭ তাকৈ শ্বহীদ ভৱন দৰং জিলা প্ৰশাসনক আগবঢ়ায় কোভিড সেৱা ৰ বাবে। জিলা ছাত্ৰ সন্থাই দৰং জিলা ৰ উপায়ুক্ত ৰ হাতত লিখিত ভাবে আগবঢ়ায় শ্বহীদ ভৱন কেইটা ।

মঙলদৈ, দেওমৰনৈ,‌দলগাঁও,কুৰুৱা,দুনী, পশ্চিম দৰং, ছিপাঝাৰ এই সাতটা শ্বহীদ ভৱন প্ৰদান কৰে দৰং জিলা প্ৰশাসনক ।সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি পৰাগ কুমাৰ চহৰীয়া, সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকা ৰ স্বাক্ষৰ ত এক পত্ৰৰ জৰিয়তে জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় সাত টা দৰং জিলাৰ উপায়ুক্ত ৰ হাতত প্ৰদান কৰে।

এই কাৰ্যত সদৌ দৰং জিলা ছাত্ৰ সন্থাক আদৰণি জনাই সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, বিত্ত সম্পাদক খনিন্দ্ৰ ৰাজবংশী, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়াই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in