কেব বাতিলৰ দাবীঃ গোৱালপাৰাৰ ৰাজপথত আছুৰ বিশাল প্ৰতিবাদী জোঁৰ সমদল…

কেব বাতিলৰ দাবীঃ গোৱালপাৰাৰ ৰাজপথত আছুৰ বিশাল প্ৰতিবাদী জোঁৰ সমদল…

ডিজিটেল সংবাদ, গোৱালপাৰা: জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থা আৰু ৰাজ্যৰ ৩০ জনগোষ্ঠী সংগঠনৰ আহ্বানত গোৱালপাৰা জিলা ছাত্ৰ সন্থাইয়ো চহৰৰ ৰাজপথত বৃহস্পতিবাৰে সন্ধিয়া বিশাল জোঁৰ সমদল উলিয়াই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

সন্ধিয়া ৬.৪৫ মান বজাত চহৰৰ নয়াপাৰাস্থিত হাই মাদ্ৰাছা ফিল্ডত একত্ৰিত হোৱা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত জিলাখনৰ কেইবাটাও জনগোষ্ঠীয় সংগঠনৰ পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে হাতে হাতে জোঁৰ লৈ ৰাজপথেৰে বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে সমদল উলিয়ায়।প্ৰতিবাদী জোঁৰ সমদলকাৰীসকলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক,বি জে পি চৰকাৰ হায় হায়,নৰেন্দ্ৰ মোডী মুৰ্দাবাদ,জাগিলে অসম বাচিব দেশ, নহ'লে হ'ব বাংলাদেশ,এই জুই জ্বলিছে জ্বলিবই,বি জে পি চৰকাৰ হুঁচিয়াৰ,বাংলাদেশী গ'বেক,হিমন্ত বিশ্ব শৰ্মা-সৰ্বানন্দ মুৰ্দাবাদ, আছু লংলিভ আদি বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে সন্ধিয়াৰ ৰাজপথ উত্তাল কৰি তোলে।

চহৰখনৰ স্থানীয় ৰাইজৰ লগতে জিলা গৰিয়ামৰিয়া,দেশী জনগোষ্ঠী মঞ্চ, নাথ যোগী সন্থা,জিলা ৰাভা ছাত্ৰ,আদিবাসী জনগোষ্ঠীয় সন্থাৰ নেতা-কৰ্মীসকলে বৃহস্পতি বাৰৰ এই সমদলত অংশ লৈ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে।গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ নৱ নিযুক্ত জিলা সম্পাদক বেদান্ত কাশ্যপ, সভাপতি অভিজিত নাথকে ধৰি সমদলত অংশ লোৱা জিলাখনৰ জনগোষ্ঠীয় সংগঠনৰ নেতাসকলে বিজেপি চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে।

যেতিয়ালৈকে চৰকাৰখনে বিধেয়কখন গৃহীত কৰাৰ সিদ্ধান্ত বাতিল নকৰে, তেতিয়ালৈকে আছুকে ধৰি কোনো জাতীয় সংগঠনে শান্ত নাথাকিব বুলিও নিজ নিজ বক্তব্যৰ জৰিয়তে হুংকাৰ দিয়ে সংগঠনৰ নেতা কেইজনে।আছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক জিতুমনি ভূঞাই সংবাদ মাধ্যমত বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বিৰুদ্ধে কেবক লৈ ক্ষোভ প্ৰকাশ কৰে।

এই আইন বলপূৰ্বক প্ৰৱৰ্ত্তন কৰিলে ৰাজ্যৰ কোনো নেতাই নিস্তাৰ নাপাবও বুলিও ছাত্ৰ নেতাজনে কঠোৰ সকিয়নি দিয়ে। ।ৰজনজনাই যোৱা বৰ কাহ বজাই 'আহ ঐ আহ, ওলাই আহ' আৰু 'জয় আই অসম' ধ্বনিৰে উলিওৱা এই প্ৰতিবাদী জোঁৰ সমদলটো চহৰৰ মাজ মজিয়াৰ ৰাজপথেৰে প্ৰায় তিনি কিলোমিটাৰ সমদল কৰি চহৰৰ বি অ' চি পইন্ট হৈ বিহুফিল্ডত সামৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in