জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে ধেমাজিত আছুৰ প্ৰতিবাদী সমদল

জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে ধেমাজিত আছুৰ প্ৰতিবাদী সমদল

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে মঙলবাৰে দিনৰ প্ৰায় ১২ বজাত ধেমাজি জিলা আছু কৰ্মীসকলে এক প্ৰতিবাদী সমদল বাহিৰ কৰে। হাতে হাতে ক'লা পতাকা লৈ নগৰখনৰ মাজেৰে বাহিৰ কৰা প্ৰতিবাদৰ সময়ছোৱাত ধেমাজি আৰক্ষী হায় হায়, ধেমাজি জিলা প্ৰশাসন হায় হায়, এই জুই জ্বলিছে জ্বলিবই আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।

ইফালে প্ৰতিবাদৰ অন্তত আছু কৰ্মীসকলে ধেমাজি সদৰ আৰক্ষী থানাৰ সন্মুখত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। প্ৰতিবাদী সভাত সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি চিত্তৰঞ্জন বসুমতাৰী আৰু ধেমাজি জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা সুভাষ বুঢ়াগোহাঁইয়ে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনক দমনমূলক কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in