টংলা-ভেৰগাঁও পথত বখলা-বখলে উখহিছে পিট্‌চ, নিৰ্মাণত অনিয়মৰ অভিযোগত আছুৰ প্ৰতিবাদ

টংলা-ভেৰগাঁও পথত বখলা-বখলে উখহিছে পিট্‌চ, নিৰ্মাণত অনিয়মৰ অভিযোগত আছুৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, টংলাঃ ওদালগুৰি জিলাৰ মূল ব্যৱসায়িক আৰু শিক্ষাৰ প্ৰাণকেন্দ্ৰ টংলা নগৰ আৰু ভেৰগাঁও সংযোগী গড়কাপ্তানি পথটোৰ পকীকৰণৰ পিছতে বখলা-বখলে পিট্‌চ উখহি এৰি যোৱাক লৈ ক্ষুদ্ধ হৈ পৰিছে অঞ্চলবাসী। দেওবাৰে টংলা আঞ্চলিক ছাত্ৰ সন্থাই পথটোৰ পকীকৰণত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ তুলি পথটোৰ বিধিগতভাৱে পুনৰ নিৰ্মাণৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

ওদালগুৰি জিলা সদৰ সংযোগী ভেৰগাঁও মহকুমাৰ মূল সংযোগী টংলা-ভেৰগাঁও গড়কাপ্তানি পথটোৰ টংলা তিনিআলিৰ পৰা টংলা গাঁও পৰ্যন্ত পথচোৱা পকীকৰণৰ বাবে এছঅ'পিডি আঁচনিৰ অধীনত উমেশ বেৰীয়া নামৰ ঠিকাদাৰজনে কামৰ নিবিদা লাভ কৰে৷ সেইমৰ্মে ঠিকাদাৰজনে পথচোৱাৰ কাম অতি বেপেৰুৱাভাৱে নিজ খেয়াল খুচিমতে আৰম্ভ কৰে যদিও গড়কাপ্তানি বিভাগৰ প্ৰাক্‌কলন অনুসৰি পকীকৰণৰ কাম নকৰি লোকচক্ষুৰ আঁৰত নিশাৰ আন্ধাৰত অতি নিম্নমানৰ সামগ্ৰীৰে পকীকৰণৰ কাম চলোৱাৰ অভিযোগ উঠে।

শনিবাৰে নিশা পথৰ ধূলি-বালিৰ ওপৰতে কাৰ্পেটৰ বিটুমিন মিহলি পিট্‌চৰ তৰপ দি যোৱাৰ পিছতে দেওবাৰে পুৱা পথৰ পিট্‌চৰ তৰপ নিজেই উখহি পৰা আৰু সাধাৰণ গাড়ী এখন গ'লেও গাড়ীৰ চকাত পিট্‌চৰ তৰপ এৰি যোৱাত স্থানীয় ৰাইজৰ লগতে টংলা আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷

প্ৰতিবাদকাৰীসকলে পথচোৱাত উপস্থিত হৈ বিভিন্ন শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰি দুৰ্নীতিত লিপ্ত অনুমোদিত ঠিকাদাৰ উমেশ বেৰিয়া আৰু গড়কাপ্তানি বিভাগৰ দ্বায়িত্ববাহী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷ পিছত প্ৰতিবাদস্থলীত হৰিশিঙা ৰাজহ চক্ৰৰ ৰাজহ বিষয়া কাৰ্তিক কাথাৰসহ টংলা থানাৰ আৰক্ষীৰ দল উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক বিহিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰাত প্ৰতিবাদী কাৰ্যসূচী সামৰণি পৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in