‘ক’লা ডাৱৰ আতৰা নাই, বিজেপিয়ে বিধেয়ক আনিবলৈ চলাব চেষ্টা…’

‘ক’লা ডাৱৰ আতৰা নাই, বিজেপিয়ে বিধেয়ক আনিবলৈ চলাব চেষ্টা…’
  • উজান বজাৰস্থিত শ্বহীদ ন্যাসত আছুসহ ৩০ টা সংগঠনৰ সংবাদমেল।
  • সংবাদ মেলত উপস্থিত আছে সমুজ্জ্বল ভট্টাচাৰ্য, দীপাংকৰ নাথ, লুৰিণজ্যোতি গগৈকে ধৰি ৩০ সংগঠনৰ নেতৃত্ব।
  • সংবাদ মেলত নেছ'ৰ প্ৰতিনিধিৰ মন্তব্য।
  • 'দীৰ্ঘদিন ধৰি আম বিলখনৰ বিৰুদ্ধে যুঁজি আছো।'
  • 'এই বিলখনৰ বাবে বহুত মানুহ শাৰিৰীকভাৱে আহত হৈছে।'
  • 'ত্ৰিপুৰা, মণিপুৰত বিলখনক লৈ তীব্ৰ প্ৰতিবাদ চলিছিল।'
  • 'নেছ'ৰ ফালৰ পৰা জে ডি ইউৰ প্ৰতিনিধি, শিৱসেনাৰ প্ৰতিনিধি আৰু উত্তৰ-পূৱৰ দল-সংগঠনসমূহলৈ ধন্যবাদ।'
  • মেঘালয় আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীকো ধন্যবাদ জ্ঞাপন কৰিলে নেছ'ই।
  • এন আৰ চিৰ কাম সুচাৰুৰূপে সম্পন্ন কৰাৰো দাবী জনালে নেছ'ৰ প্ৰতিনিধিয়ে।
  • সংবাদ মেলত আছুৰ সভাপতি দীপাংকৰ নাথে ক'লে-
  • '২০১৫ৰ অৰ্ডাৰ আৰু নটিফিকেশ্যন জাৰী কৰাৰ পৰাই সংগ্ৰাম চলি আছে।'
  • 'নাগৰিকত্ব বিধেয়ক, ২০১৬ আনি বলপূৰ্বকভাৱে হিন্দু বাংলাদেশীক জাপি দিয়াৰ চেষ্টা অব্যাহত ৰাখিছিল।'
  • 'এই প্ৰচেষ্টাৰে চৰকাৰে আমাৰ সমাজখনক কলুষিত কৰা চেষ্টা চলাইছে।'
  • "অসমৰ কিছুমান ব্যক্তিক দানৱ ৰূপত আমাৰ মাজত এৰি দিছে চৰকাৰে।'
  • 'কনৰাড চাংমা ডাঙৰিয়াই যি সহায় কৰিলে, সেয়া আমি কেতিয়াও পাহৰিব নোৱাৰো।'
  • 'আমাৰ লগত কনৰাড চাংমা ডাঙৰীয়াই এক হৈ যুঁজিল, তাৰ বাবে তেওঁক অসমবাসীৰ হৈ ধন্যবাদ জনাইছো।'
  • 'নীতিশ কুমাৰ, চন্দ্ৰবাবু নাইডুৱে আমাক বিল খনৰ বিৰোধিতাৰ কথা কৈ সাহস দিছিল।'
  • বৃহস্পতিবাৰে সন্ধিয়া সমগ্ৰ ৰাজ্যত আছু আৰু ৩০ টা সংগঠনে শ্বহীদ সকলক শ্ৰদ্ধা জনাই ৰাজহুৱা স্থানত বন্তি প্ৰজ্বলনৰ কথাও ঘোষণা কৰিলে আছু নেতৃত্বই।
  • লগতে ত্ৰিপুৰাত আছুৰ কেইবাজনো সদস্য আহত হোৱাৰ কথা ক'লে সভাপতি দীপাংকৰ নাথে।
  • সংবাদ মেলত আছুৰ সাধাৰণ সম্পাদক লুৰিণজোতি গগৈয়ে ক'লে-
  • 'অৱশেষত বুধবাৰে সংগ্ৰামৰ নৈতিক জয় হ'ল।'
  • 'এই জয় গণতন্ত্ৰিক ব্যৱস্থাক ধ্বংস কৰি যিসকলে স্বৈৰাচীৰ বীজ সিঁচিছিল, তেওঁলোকৰ বিৰুদ্ধে।'
  • সংবাদ মেলত লুৰিণজ্যোতি গগৈয়ে ৰখা মন্তব্যৰ ভিডিঅ'-
  • সংবাদ মেলত উপস্থিত আছিল মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিনিধি বৰ্গও।
  • সকলোৱে বিধেয়কখনৰ বিৰুদ্ধে আগন্তুক সময়ত একত্ৰিতভাৱে যুঁজ দিয়াৰ সংকল্প গ্ৰহণ কৰে।
  • সংবাদ মেলত উপস্থিত থকা মটক যুৱ ছাত্ৰ সন্মিলনীৰ প্ৰতিনিধিয়ে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে ভোট দিবলৈ আহ্বান জনায়।
  • সংবাদ মেলত উপস্থিত আছিল নেছৰ উপাধ্যক্ষ উপেন্দ্ৰ দেৱ ব্ৰহ্ম।
  • 'কোনো বাংলাদেশীক উত্তৰ-পূবত স্থান দিয়া নহ'ব বুলি' ব্ৰহ্মৰ মন্তব্য।
  • সংবাদ মেলত উপস্থিত আছিল গাৰো ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে বহু কেইটা সংগঠনৰ প্ৰতিনিধিবৰ্গ।
  • সংবাদ মেলত আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ মন্তব্য-
  • 'ৰাইজে আনন্দ কৰক, কিন্তু মূল যিটো বিষয়, য'ৰ পৰা এই জাতিধ্বসী বিষয়টো আৰম্ভ হৈছে, সেই নিৰ্দেশনা কিন্তু পাহৰি নাযাব।'
  • 'উত্তৰ পূবত ব্যাপক আন্দোলন হোৱাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে আনিব নোৱাৰিলে এই বিধেয়কখন।'
  • 'ক'লা ডাৱৰ এতিয়াও আতৰা নাই।'
  • 'এই ফলাফলক আগন্তুক সময়ত আমি শক্তি হিচাপে ব্যৱহাৰ কৰিব লাগিব।'
  • 'দিল্লী-দিছপুৰে আমাৰ মুখৰ ভাষা কাঢ়ি নিব বিচাৰিছল, সংস্কৃতি, পৰিচয়, ঐতিহ্য নিঃশেষ কৰিব খুজিছিল।'
  • 'যি অসম চুক্তিখন নসাৎ কৰিব খুজিছিল, যিয়ে এনআৰচি ধ্বংস কৰিব খুজিছিল, তেওঁলোকক উচিত প্ৰত্যুত্তৰ দিবৰ বাবে অসমৰ জনগণ মানসিক ভাৱে প্ৰস্তুত হৈ থাকিব লাগিব।"
  • সংবাদ মেলত সমুজ্জ্বল ভট্টাচাৰ্যই কৰা মন্তব্যৰ ভিডিঅ'-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in